বৰ্তমান সময়ত এনেয়ে ঘৰতে বহি নাথাকি নিজকে স্বাৱলম্বী কৰি তোলাৰ মানসেৰে বহু নাৰীয়ে কিবা এটা নহয় কিবা এটা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ কোনোৱে যদি ঘৰতে কাপোৰ বৈছে,কোনোৱে কেক তৈয়াৰ কৰিছে ,কোনোৱে আকৌ পশুপালন কৰি আাৰ্থিক ভাৱে কিছু সবল হৈছে ৷ আনহাতে কোনোৱে আকৌ আন কিবা উপায়েৰে স্বাৱলম্বীতাৰ পথ বাচি লৈছে ৷
তেনে এগৰাকী যুৱতী হ’ল পৰিস্মিতা দত্ত যি নিজেই কিবা এটা কৰাৰ মানসেৰে,অযুত আশা আৰু সপোন বুকুত বান্ধি জৈৱিক পদ্ধতিৰে চাবোন(গা-ধোৱা) তৈয়াৰ কৰাৰ প্ৰশিক্ষণ লৈ বৰ্তমান ঘৰতে চাবোন উৎপাদন কৰাত ব্যস্ত । স্নাতকোত্তৰৰ শিক্ষাগ্ৰহণ কৰি থকা অঞ্চলটোৰ এগৰাকী শিক্ষিতা যুৱতী পৰিস্মিতাই কেইদিনমানৰ আগতে চৰাইদেউ জিলাৰ সোণাৰি অঞ্চলৰ এগৰাকী স্বনামধন্য যুৱ-ব্যৱসায়ী উত্তম চাংমাইৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গৈ ব্যৱসায়ী গৰাকীক তেওঁ কৰি থকা কাম সমূহৰ বিষয়ে বিষদভাবে জনাই আৰু তেওঁ তৈয়াৰ কৰা মহা নিম , মাহ-হালধি , ছালকুঁৱৰী , আলুৰ ৰস , নেমুৰ ৰস, কমলা, পকা অমিতা ইত্যাদিৰ দ্বাৰা প্ৰস্তুত কৰা চাবোন সমূহৰ এটা টোপোলা উপহাৰ দিয়ে । ৷ এই বিষয়ে সামাজিক মাধ্যম ফেচবুকৰ এটি প’ষ্টৰ যোগেদি আমাক সবিশেষ জানিবলৈ দিয়ে সোণাৰিৰ যুৱ ব্যৱসায়ী গৰাকীয়ে ৷
তেওঁ কয় যে পৰিস্মিতাই সহজ সৰল ভষাৰে তেওঁক কওঁ নকওঁকৈ কয় যে যদি তেওঁ ব্যৱহাৰ কৰি যদি ভাল পাই তেতিয়া যেন ফেচবুকত এই বিষয়ে এটা প’ষ্ট দিয়ে আৰু লগৰ বিলাককো এই বিষয়ে অৱগত কৰি তেওঁক আগুৱাই যোৱাত সহায় কৰে । প্ৰকৃতাৰ্থত পৰিস্মিতাৰ ব্যৱহাৰে আপ্লুত কৰে উত্তম চাংমাই নামৰ ব্যৱসায়ী গৰাকীক ৷
প’ষ্টটোৰ যোগেদি তেওঁ লগতে কয় যে মূল কথাতো হ’ল, ব্যৱসায়ৰ মানসিকতাৰে ,যুৱতীগৰাকীয়ে নিজেই কিবা এটা কাম কৰি স্বাৱলম্বীতাৰ সপোন দেখি আগুৱাব খোজাৰ বাবে তেওঁ অত্যন্ত সুখী হৈছে আৰু সেয়ে তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু তেওঁৰ ফালৰ পৰা যেনেকৈ সহায় সহযোগ কৰিব লাগে আন্তৰিকতাৰে কৰিব বুলিও তেওঁ সামাজিক মাধ্যম যোগে প্ৰতিশ্ৰুতি দিছে । পৰিস্মিতা যাতে সফলতাৰে তেওঁৰ লক্ষ্যত উপনিত হয় তাৰ বাবেও প’ষ্টটোৰ যোগেদি শুভকামনা জ্ঞাপন কৰে উত্তম চাংমায়ে ।