আজি চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰ’ল–ডিজেলৰ দাম জাৰি কৰিছে যদিও ইন্ধনৰ দামৰ অৱশ্যে আজি পৰ্যন্ত কোনো সালসলনি ঘটা নাই। কিন্তু ইয়াৰ মাজতে অপৰিশোধিত তেলৰ দাম প্ৰতি বেৰেলত ১২০ ডলাৰ পাৰ হৈ গৈছে। বিশেষজ্ঞসকলে জনাইছে যে এনেদৰে অপৰিশোধিত তেলৰ দাম বৃদ্ধি পাই থাকিলে আৰু প্ৰতি বেৰেলৰ মূল্য ১২০ ডলাৰৰ তললৈ নাহিলে পেট্ৰ’ল আৰু ডিজেলৰ দাম আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
অপৰিশোধিত তেলৰ দাম বৃদ্ধি হৈ থকা বাবেই পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ আশংকা স্পষ্ট হৈ পৰিছে ৷ বজাৰ বিশেষজ্ঞসকলৰ মতে, বিশ্ব বজাৰত অপৰিশোধিত তেলৰ বৰ্ধিত দাম আৰু দেশৰ বজাৰত হোৱা মুদ্ৰাস্ফীতিৰ ফলতেই পেট্ৰ’ল আৰু ডিজেলৰ দামক লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে বৰ্তমানৰ শাসনাধিষ্ঠিত চৰকাৰ।
দেশৰ চাৰিখন প্ৰধান চহৰ তথা অসমৰ মুখ্য চহৰ গুৱাহাটীত আজি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ’ল –
দিল্লী – পেট্ৰ’ল ৯৬.৭২ টকা, ডিজেল ৮৯.৬২ টকা প্ৰতিলিটাৰ
মুম্বাই – পেট্ৰ’ল ১০৯.২৭ টকা, ডিজেল ৯৫.৮৪ টকা প্ৰতিলিটাৰ
চেন্নাই – পেট্ৰ’ল ১০২.৬৩ টকা, ডিজেল ৯৪.২৪ টকা প্ৰতিলিটাৰ
কলকাতা – পেট্ৰ’ল ১০৬.০৩ টকা, ডিজেল ৯২.৭৬ টকা প্ৰতিলিটাৰ
আনহাতে অসমৰ গুৱাহাটীত – পেট্ৰ’ল ৯৬.০১ টকা, ডিজেল ৮৩.৯৪ টকা প্ৰতিলিটাৰ।