বিশ্ব বজাৰত খাৰুৱা তেলৰ দাম পুনৰ বৃদ্ধি পাইছে। বিগত সপ্তাহত হ্ৰাস পাইছিল যদিও বৰ্তমান পুনৰ বৃদ্ধি পাইছে খাৰুৱা তেলৰ দাম। বিগত ২৪ ঘণ্টাত তেলৰ দাম প্ৰায় ১ ডলাৰ বৃদ্ধি পাই প্ৰতি বেৰেলত ১০৭ ডলাৰত উপনীত হৈছে। ইয়াৰ মাজতে চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি কৰিছে।
অৱশ্যে ক্ৰূড অইলৰ দাম বৃদ্ধি হৈছে যদিও চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰ’ল–ডিজেলৰ খুচুৰা দামত কোনো সালসলনি ঘটোৱা নাই।দেশৰ ৰাজধানী চহৰ দিল্লীত পেট্ৰ’লৰ দাম বৰ্তমান প্ৰতিলিটাৰত ৯৬.৭২ টকা । অৱশ্যে তেল কোম্পানীসমূহে ৬ এপ্ৰিলৰ পিছত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰা নাই।
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্য ৯৬.৭২ টকা প্ৰতি লিটাৰ আৰু ডিজেল ৮৯.৬২ টকা প্ৰতিলিটাৰ৷ আনহাতে চলচ্চিত্ৰ নগৰী মুম্বাইত আকৌ পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ১০৬.৩১ টকা আৰু ডিজেল ৯৪.২৭ টকা প্ৰতিলিটাৰ ৷ দেশৰ আন এখন মুখ্য চহৰ চেন্নাইত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ১০২.৬৩ টকা আৰু ডিজেল ৯৪.২৪ টকা প্ৰতিলিটাৰ ৷ আনহাতে কলকাতাত পেট্ৰ’লৰ মূল্য ১০৬.০৩ টকা আৰু ডিজেল ৯২.৭৬ টকা প্ৰতিলিটাৰ
আনহাতে অসমৰ একমাত্ৰ মহানগৰ গুৱাহাটীত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৯৬.৩০ টকা আৰু ডিজেল ৮৪.২০ টকা প্ৰতিলিটাৰত।