অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ দেশত পুনৰ বৃদ্ধি পাইছে পেট্ৰ্ৰ’ল-ডিজেলৰ মূল্য।সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই পেট্ৰ’লৰ লগতে যোৱা ৫ দিনৰ ব্যৱধানত চতুৰ্থ বাৰলৈ ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে।
ইয়াৰ পূৰ্বে যোৱা ২৪,২৬ আৰু ২৭ ছেপ্তেম্বৰত ডিজেলৰ মূল্য বৃদ্ধি পাইছিল।একেদৰে প্ৰায় দুমাহৰ অন্তত পেট্ৰ’লৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে।
মঙলবাৰে প্ৰতি লিটাৰ ডিজেলত ৭৫ পইচা বৃদ্ধি পোৱাৰ লগতে পেট্ৰ’লৰ প্ৰতি লিটাৰ মূল্য ২০ ৰ পৰা ২২ পইচা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
সেই অনুসৰি দেশৰ তিনিখন মহানগৰ বিশেষকৈ দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০১.৩৯ টকা হোৱাৰ লগতে ডিজেলৰ মূল্য ৮৯.৫৭ টকা হৈছে।
একেদৰে মুম্বাইত পেট্ৰ’লৰ প্ৰতি লিটাৰ মূল্য ১০৭.৪৭ টকা হোৱাৰ বিপৰীতে ডিজেলৰ প্ৰতি লিটাৰ মূল্য ৯৭.২১ টকা হোৱা বুলি জানিব পৰা গৈছে।
সোমবাৰে কলকতাত পেট্ৰ’লৰ মূল্য ১০১.৬২ টকা আছিল যদিও মঙলবাৰে এই মূল্য বৃদ্ধি হৈ ১০১.৮৭ টকা হৈছে।