ৰাছিয়া আৰু আৰু ইউক্ৰেইনৰ যুদ্ধৰ লগে লগে জুই লাগিছে বিশ্ব বজাৰতো ৷ দ্ৰুত গতিত বৃদ্ধি পাইছে বিভিন্ন সামগ্ৰীৰ মূল্য ৷ এই যুদ্ধৰ পৰিণতি হিচাপে এইবাৰ অভিলেখকাৰী হ’লগৈ খাৰুৱা তেলৰ মূল্য ৷ প্ৰতি বেৰেল তেলৰ মূল্য হ’লগৈ ১১৭ডলাৰ ৷ এইক্ষেত্ৰত অন্যান্য দেশৰ লগতে কুফল ভূগিব ভাৰতবাসীয়েও ৷
চৰা দাম তথা আকাশলংঘী মুদ্ৰাস্ফীতিয়ে ইতিমধ্যেই কোঙা কৰা ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশত এইবাৰ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই সৰ্বসাধাৰণ ৰাইজৰ জীৱন অধিক দুৰ্বিষহ কৰি পেলাব বুলিও আশংকা কৰা হৈছে ৷ যিহেতু বিশ্বৰ ভিতৰতে খাৰুৱাতেল আৰু ৰন্ধনগেছৰ অন্যতম বৃহৎ উৎপাদনকাৰী দেশ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ ফলত খাৰুৱা তেল সৰবৰাহ বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত অস্থিৰ হৈ পৰিছে বিশ্ব অৰ্থনীতি ৷১২ বছৰৰ মূৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিয়ে গঢ়িলে অভিলেখ ৷
আনহাতে ভাৰতৰ তেল বিপণন প্ৰতিষ্ঠান সমূহেও চলিত সপ্তাহতে প্ৰতি লিটাৰ পেট্ৰ’ল,ডিজেলৰ মূল্য ২০ৰ ২৫টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে ৷ অৰ্থনৈতিক বিশ্লেষক সকলৰ মতে ৭ মাৰ্চত উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পিছতেই পেট্ৰ’ল ডিজেলৰ ব্যাপক মূল্যবৃদ্ধি ঘটাব ৰাষ্ট্ৰ আয়ত্ত তৈল বিপণন প্ৰতিষ্ঠান সমূহে ৷ অৱশ্যে ভাৰতৰ বিশাখাপট্টনম,মাংগালুৰু আৰু তামিলনাডুৰ পুডুৰত মজুত থকা ৫.৩৩ নিযুত মেট্ৰিকটন আপদকালীন খাৰুৱা তৈলভাণ্ডাৰৰ খাৰুৱা তেল মুকলি কৰি চৰকাৰখনে দেশবাসীক মুদ্ৰাস্ফীতিৰ পৰা সকাহ দিব পাৰিব ৷
ভাৰতে ইতিমধ্যে ৰাছিয়াৰ পৰা খাৰুৱা তেলৰ আমদানি বন্ধ কৰিছে ৷আনহাতে বন্ধ হৈ পৰিছে ইউক্ৰেইনত উৎপাদিত বেলিফুলৰ তেলৰ আমদানিও ৷ সেয়েহে খোৱা তেলৰ মূল্য বৃদ্ধিৰ আশংকায়ো জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজৰ লগতে দেশৰ সকলো শ্ৰেণীৰ লোকক ৷