বিভিন্ন প্ৰতিষ্ঠানত কর্মৰত লাখ লাখ কৰ্মচাৰীৰ বিপদৰ সময়ত সহায়ৰ একমাত্ৰ ভৰসা হৈছে প্ৰভিডেণ্ট ফাণ্ড (ইপিএফ) ৷ শেহতীয়াকৈ চৰকাৰে ইপিএফলৈ বৰঙণিৰ বাবে নিয়োগকৰ্তা আৰু কৰ্মচাৰীৰ বাবে উপলব্ধ কৰ ব্যৱস্থাৰ সংশোধনী আনিছে ৷ । ২০২২ চনৰ ১ এপ্ৰিলৰ পৰা প্ৰভিডেণ্ট ফাণ্ড একাউণ্টসমূহক কৰযোগ্য আৰু বিনা কৰযোগ্য একাউণ্টত ভাগ কৰা হৈছে।বাজেট ২০২১ৰ অধীনত চৰকাৰে ই ই ই আঁচনিৰ সুবিধা লাভ কৰা উচ্চ আয়ৰ লোকসকলক লক্ষ্য কৰি কৰৰ সুবিধা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
কি কি সলনি হৈছে –
১) ইপিএফঅ’ই ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে সুতৰ হাৰ চাৰি দশকৰ ভিতৰত নিম্নতম ৮.১ শতাংশলৈ হ্ৰাস কৰিছে।
২) এজন কৰ্মচাৰীৰ ইপিএফলৈ দিয়া বৰঙণিৰ বছৰি ২.৫ লাখ টকা পৰ্যন্তহে কৰমুক্ত হৈ থাকিব ৷
৩) বছৰি ২.৫ লাখতকৈ অধিক বৰঙণিৰ ক্ষেত্ৰত কৰ্মচাৰীৰ পৰা কৰ আৰোপ কৰা হয়।
৪)যদি কোনো নিয়োগকৰ্তাই এজন কৰ্মচাৰীৰ ইপিএফৰ বাবে অৱদান নিদিয়ে তেন্তে অৱদানৰ সীমা ৫ লাখলৈ বৃদ্ধি কৰা হ’ব ৷
৫)প্ৰভিডেণ্ট ফাণ্ড (পি এফ), এন পি এছ আৰু ছুপাৰ এনুৱেশ্যনলৈ নিয়োগকৰ্তাৰ অৱদান বছৰি মুঠ ৭.৫ লাখ টকালৈকে কৰৰ পৰা ৰেহাই দিয়া হৈছে।
৬) নিয়োগকৰ্তাসকলে বাধ্যতামূলকভাৱে যিসকল কৰ্মচাৰীৰ মাহিলী আয় ১৫,০০০ টকা পৰ্যন্ত হয় তেওঁলোকৰ বাবে ইপিএফৰ বৰঙণি প্ৰদান কৰিব লাগিব।