VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পানীত হাঁহ নচৰা অৱস্থা দিবা-নৈশ বাছ চালক সকলৰঃ চৰকাৰৰ নাই কোনো সদিচ্ছা

voicedesk by voicedesk
August 18, 2021
in অৰ্থনীতি, জীৱন
পানীত হাঁহ নচৰা অৱস্থা দিবা-নৈশ বাছ চালক সকলৰঃ চৰকাৰৰ নাই কোনো সদিচ্ছা
0
SHARES
71
VIEWS
Share on FacebookShare on Twitter

ক’ভিড সৃষ্ট পৰিৱেশে অন্যান্য বহু উদ্যোগৰ দৰে পৰিবহণ উদ্যোগো স্থবিৰ কৰি তুলিছে। বিশেষকৈ আন্তঃজিলা যাতায়তৰ বন্ধে বাছ চালক তথা কৰ্মচাৰীসকলৰ জীৱন-জীৱিকালৈ চূড়ান্ত প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। 

অসম চৰকাৰে সময়ে সময়ে নতুন এছ অ’ পি প্ৰকাশ কৰি আহিছে যদিও বাছ চালক তথা বাছৰ কৰ্মচাৰীসকলৰ প্ৰতি কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে। মঙ্গলবাৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নতুন এছ অ’ পি প্ৰকাশৰ জৰিয়তে আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত কিছু পৰিমাণে শিথিলতা আনিলে যদিও চৰ্ত সাপেক্ষে আন্তঃজিলা যাতায়ত খুলি দিয়াৰ পৰিপ্ৰেক্ষিতত আশ্বস্ত হ’ব পৰা নাই বাছ চালক তথা বাছৰ কৰ্মচাৰীসকল।

চৰকাৰৰ এই পদক্ষেপৰ পাছত গুৱাহাটীৰ আই এছ বি টি ত বাছৰ চালক তথা কৰ্মচাৰীসকলৰ প্ৰতিবাদে পৰিবেশ উত্তাল কৰি তোলা দেখা গ’ল।এই সন্দৰ্ভত বুধবাৰে গুৱাহাটীৰ আই এছ বি টি ত দিবা নৈশ বাছ চালক সকলৰ এখন সংবাদ মেল অনুষ্ঠিত হয়।

সংবাদ মেলত বাছ চালক তথা “লাইফ অফ এ ড্ৰাইভাৰ, কেবিনৰ ইপাৰে” গ্ৰন্থখনৰ জৰিয়তে অভিলেখ সৃষ্টি কৰা ৰূপম দত্তই বাছ চালক সকলৰ বাবে চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে।

ৰূপম দত্তই অসমৰ মুখ্যমন্ত্ৰীগৰাকীক এগৰাকী অতি দক্ষ মন্ত্ৰী বুলি প্ৰশংসা কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চালক সকলৰ সুবিধা হোৱাকৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। মঙ্গলবাৰৰ দিনটোত চালক-কৰ্মচাৰী সকলে আই এছ বি টি ৰ পৰিবেশ উত্তপ্ত কৰি তোলাৰ বাবে সংবাদ মেলখনৰ জৰিয়তে ক্ষমা বিচাৰে।

সংবাদ মেলত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি ৰূপম দত্তই কয় যে, “আমাক ৰাজনৈতিক পৰিৱেশৰ পৰা আঁতৰত ৰাখক, আমি অকল ভোট দিবলৈ হে যাও। আমি যেতিয়া শুই থাকো সকলোবোৰ মানুহ সাৰে থাকে, আৰু আমি যেতিয়া সাৰে থাকো সকলো শুই থাকে। গতিকে বাছ চালকসকলৰ পৃথিৱীখন সম্পূৰ্ণ বেলেগ”।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ক’ব তাকে কৰিবলৈ চালক-কৰ্মচাৰীসকল প্ৰস্তুত বুলি সংবাদ মেলত দত্তই উল্লেখ কৰে। দৰকাৰ হলে মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰত শ্ৰমদান কৰিবলৈও প্ৰস্তুত বুলি জানিবলৈ দিয়ে।

মঙ্গলবাৰে বাছ চালকসকলৰ পৰিয়ালসমূহৰ অৱস্থাৰ কথা বৰ্ণনা কৰি ৰূপম দত্তই কৈছিল যে, এছ অ’ পি ঘোষণাৰ জৰিয়তে আন্তঃজিলা যাতায়ত খুলি দিব বুলি এদিন আগতে বাছ চালকসকলে নিজৰ নিজৰ বহি থকা গাড়ীবোৰ মেৰামতি কৰি গন্তব্য স্থানলৈ যাবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছিল। একাংশ যাত্ৰীয়ে ইতিমধ্যে বাছৰ আসনো আগতীয়াকৈ বুকিং কৰিছিল।

তেনেস্থলত এছ অ’ পি খনত বাছ চলাচলৰ কোনো নতুন নিৰ্দেশনা নথকাত স্বাভাৱিকতে বাছ চালকসকল মৰ্মাহত হৈ পৰিছে। ৰূপম দত্তই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল যে ক’ৰনাতকৈ তেওঁলোকে ভোককহে ভয় কৰে।

পৰিয়াল চলাব নোৱাৰিলে বাধ্য হৈ ট্ৰেইনৰ আগত পৰি মৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰি বাছ চালকসকলে তেওঁলোকৰ তথা পৰিয়ালৰ কথা চিন্তা কৰি চৰকাৰক এক ফলপ্ৰসু সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায়। 

Previous Post

ভাৰতত প্ৰথম মোবাইল ফোনৰ ব্যৱহাৰঃ জানক কোনে কাৰ লগত কথা পাতিছিল ফোনৰ জৰিয়তে

Next Post

ভাৰতৰ আজৱ ৰেষ্টোৰাঁখনঃ বতাহত উপঙি গ্ৰহণ কৰিব লাগিব খাদ্য

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ভাৰতৰ আজৱ ৰেষ্টোৰাঁখনঃ বতাহত উপঙি গ্ৰহণ কৰিব লাগিব খাদ্য

ভাৰতৰ আজৱ ৰেষ্টোৰাঁখনঃ বতাহত উপঙি গ্ৰহণ কৰিব লাগিব খাদ্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7