কেইবা দশক ধৰি গৃ্হৰক্ষী সকলে সাধাৰণ আৰু মৌলিক সমস্যাৰাজি সমূহৰ ওপৰত বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল যদিও চৰকাৰৰৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ আনিছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃ্হৰক্ষী সংস্থাই।
বিশেষকৈ বিগত সময় ছোৱাত অসমৰ মুখ্য সচিব জিঞ্চু বৰুৱাৰ তত্বাৱধানত গৃ্হৰক্ষী জোৱান সকলে তিনিবাৰকৈ অসম চৰকাৰৰ লগত আলোচনাত মিলিত হৈছিল।
কিন্তু পৰৱৰ্ত্তী সময়ত আলোচনাত গৃ্হিত হোৱা সিদ্ধান্ত সমূহ চৰকাৰে পালন নকৰাত ক্ষোভিত হৈ বৃ্হস্পতি বাৰে গুৱাহাটী প্ৰেছ ক্লাৱত তেওঁলোকৰ সমস্যা আৰু দাবী সমূহ সংবাদ মেল যোগে প্ৰকাশ কৰে।
১৯৪৭ চনৰ গৃ্হৰক্ষী আইন খন সময় উপযোগী হোৱাকৈ প্ৰয়োজনীয় সংশোধন কৰি গৃ্হৰক্ষী জোৱান সকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, অসমৰ গৃ্হৰক্ষী জোৱান সকলক ভাৰতবৰ্ষৰ আন-আন ৰাজ্য সমূহৰ লগত সংগতি ৰাখি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায় অনুসৰি সমান কামৰ সমান দৰমহা প্ৰদান কৰা,গৃ্হৰক্ষী জোৱান সকলৰ অনলাইন ডেপ্লইমেন্ট অতি শীঘ্ৰে বন্ধ কৰা তথা গৃ্হৰক্ষী সকলৰ চাকৰিৰ বয়সৰ সীমা ৫৫ বছৰৰ পৰা ৬০ বছৰলৈ বৃদ্ধি কৰাৰ লগতে অসম চৰকাৰে নিৱনুৱা সকলৰ বাবে যি ১ লাখ নিযুক্তিৰ ঘোষণা কৰিছে সেই নিযুক্তিত অসম আৰক্ষী বিভাগত গৃহৰক্ষী সকলৰ বাবে ৫০% আসন সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰে।
কৰ’নাৰ এই সংকটপূৰ্ণ সময়ত গৃ্হৰক্ষী সকলে মানৱ সংক্ৰমণৰ বাধা অতিক্ৰম কৰি মানৱ সমাজৰ বাবে সম্পদসমূহ সুৰক্ষাৰ স্বাৰ্থত দিন-ৰাতি একাকাৰ কৰি নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি হলেও নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্তব্য সম্পাদন কৰি আহিছে।
তেনেস্থলত অসম চৰকাৰে ২০২১-২২ বৰ্ষৰ বাজেটত গৃ্হৰক্ষী সকলৰ বাবে কোনো এটা কল্যাণকামী সিদ্ধান্ত চৰকাৰখনে কিয় গ্ৰহণ নকৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে সংস্থাৰ বিষয়-ববীয়া সকলে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ উল্লেখ কৰি সংস্থাৰ বিষয়-ববীয়া সকলে কয় যে তেওঁ সমগ্ৰ অসমৰ জনসাধাৰণৰ মাজত প্ৰিয়ভাজন হৈ পৰিছে। একেদৰে গৃহৰক্ষী সকলৰ মাজতো তেওঁ সদায় প্ৰিয়ভাজন হৈ থাকিব যদিহে অসমত ২৬,৬৯৬ গৰাকী গৃ্হৰক্ষী জোৱানৰ স্থায়ীভাৱে নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে।
গৃ্হৰক্ষী সকলৰ সমস্যা সমূহৰ বাবে এটা ঐতিহাসিক ৰায় প্ৰদান কৰিবলৈ চৰকাৰক অনুৰোধ জনোৱাৰ লগতে পৰৱৰ্ত্তী সময়ত তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃ্হৰক্ষী সংস্থাই দিশপুৰ কপাবলৈ আজিৰ পৰাই টঙালি বান্ধিলে বুলিও হুংকাৰ প্ৰদান কৰে সংস্থাৰ বিষয়-ববীয়া সকলে।