এইবাৰ পুনৰ সামগ্ৰীৰ মূল্য বৃদ্ধিৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে দেশৰ আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে ৷ তেওঁলোকে জানিবলৈ দিয়া মতে ২ৰ পৰা ১০ শতাংশলৈ বৃদ্ধি কৰা হ’ব বিস্কুট,আটা,শ্বেম্পু ,বাচমতি চাউল আদিৰ মূল্য ৷
আদানি উইলমাৰ প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ জনোৱা মতে কোম্পানীটোৱে অহা মাহৰ পৰা পেকেটিং আটাৰ মূল্য ৫ৰ পৰা ৮শতাংশলৈ আৰু বাছমতি চাউলৰ মূল্য ৮ৰ পৰা ১০শতাংশলৈ বৃদ্ধি কৰিব ৷ পৰিবহন আৰু শ্ৰমিকক আদায় দিয়া মজুৰি,পেকেজিঙৰ মূল্যবৃদ্ধি ইয়াৰ প্ৰধান কাৰণ বুলি জানিবলৈ দিছে আদানি উইলমাৰৰ মুখ্য কাৰ্যবাহী বিষয়া অংশু মালিকে ৷
একেদৰেই পাৰ্লে প্ৰডাক্টছেও মাৰ্চৰ ত্ৰিমাসিকত সামগ্ৰীৰ মূল্য ৪ৰ পৰা ৫ শতাংশ বৃদ্ধিৰ পৰিকল্পনা কৰিছে ৷ চলিত ত্ৰিমাসিকত পাৰ্লেয়ে ইয়াৰ বেছিভাগ সামগ্ৰীৰ মূল্য সৰ্বাধিক ১০%লৈকে বৃদ্ধি কৰিছে ৷ডাবৰ ইন্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া মোহিত মলহোত্ৰাই জনায় যে প্ৰতিষ্ঠানটোৱে অলপতে ইয়াৰ সামগ্ৰীসমূহৰ মূল্য ৩ৰ পৰা ৪শতাংশলৈ বৃদ্ধি কৰিছে ৷
আনহাতে আন এক লেখত ল’বলগীয়া ব্যৱসায়িক প্ৰতিষ্ঠান কেভিন কেয়াৰেও অহা মাহৰ পৰা শ্বেম্পু আৰু অন্যান্য কিছু সামগ্ৰীৰ মূল্য ২ৰ পৰা ৩ শতাংশলৈ বৃদ্ধি কৰিব ৷ প্ৰতিষ্ঠানটোৱে ২০২১ বৰ্ষৰ প্ৰথম ভাগত ৩ শতাংশ বৃদ্ধি কৰিছিল প্ৰতিষ্ঠানটোৰ বিভিন্ন ব্যক্তিগত পৰিচৰ্য্যা সামগ্ৰীৰ মূল্য ৷