ব্যক্তিগত মেছেজিং প্লেটফৰ্ম ‘চিগনেল’ত শেহতীয়াকৈ সংযোগ কৰা হৈছে এটা নতুন সুবিধা ।অৱশ্যে ‘স্নেপচ্যাট’ আৰু ‘ইনষ্টাগ্ৰাম’ত এই সুবিধা আগৰ পৰাই উপলব্ধ। শেহতীয়াকৈ ‘চিগনেল’ৰ যোগেদি উপলব্ধ এই নতুন বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ যোগাযোগত থকা লোকসকলৰ সৈতে তেওঁলোকৰ ‘চিগনেল ষ্ট’ৰী ‘ শ্বেয়াৰ কৰিব পাৰিব।আনহাতে ‘স্নেপচাট’ আৰু ‘ইনষ্টাগ্ৰাম’ৰ দৰে ‘চিগনেল’ৰ ষ্ট’ৰীসমূহো ২৪ ঘন্টাৰ পিছত স্বয়ংক্ৰিয়ভাৱে ডিলিট হৈ যাব। অৱশ্যে ব্যৱহাৰকাৰীসকলে ইয়াক আগতেও মচি পেলাব পৰাৰ বিকল্প থাকিব চিগনেলত ৷ অৱশ্যে ই এপটোৰ অত্যন্ত প্ৰয়োজনীয় ফিচাৰো নহয় যে আপুনি এইবোৰ নিষ্ক্ৰিয় কৰিব নোৱাৰিব। আনহাতে এপটোৰ ‘এপ ছেটিংছ’লৈ গৈ ব্যৱহাৰকাৰীসকলে ইয়াক সক্ষম কৰিবও পাৰিব। কোম্পানীটোৱে জনোৱা মতে, এতিয়ালৈকে হোৱাটছএপ, স্নেপচ্যাট আৰু ইনষ্টাগ্ৰামত ষ্ট’ৰী অফ কৰাৰ বিকল্প দিয়া হোৱা নাই।আনহাতে ‘ চিগনেল’ত কিন্তু ইয়াক বন্ধ কৰিব পাৰি। ইয়াৰ উপৰিও এপটোত আন বহুতো বিকল্পও দিয়া হৈছে। লগতে ব্যৱহাৰকাৰীয়ে এজন নিৰ্দিষ্ট লোক বা গোটৰ বাবেও ষ্ট’ৰী নিৰ্ধাৰণ কৰিব পাৰিব। অৰ্থাৎ ‘চিগনেল’ৰ যিকোনো গ্ৰুপত ব্যৱহাৰকাৰী গৰাকীৰ যোগাযোগৰ তালিকাত নথকা এনে বহু লোকেও এই ষ্ট’ৰী চাব পাৰিব ।
এই ব্যক্তিগত মেছেজিং প্লেটফৰ্মটোৱে ব্যৱহাৰকাৰীসকলক সীমিত লোকৰ সৈতে ষ্ট’ৰী শ্বেয়াৰ কৰাৰ বাবে এক বিকল্প প্ৰদান কৰিছে। ব্যৱহাৰকাৰীগৰাকীৰ ষ্ট’ৰী কোনে চালে তাক জনাৰ লগতে গ্ৰুপত শ্বেয়াৰ কৰা ষ্ট’ৰী গ্ৰুপৰ সদস্য সকলে চাব পাৰিব।
উল্লেখযোগ্য যে এইটো কোম্পানীটোৰ বাবে অতি আদৰণীয় সংস্কৰণ। কিন্তু যদি কোনো ব্যৱহাৰকাৰীয়ে এই বৈশিষ্ট্য ভাল নাপায়, তেন্তে তেওঁ ইয়াক বন্ধ কৰিব পাৰিব। ইয়াৰ বাবে তেওঁ মাত্ৰ ছেটিংছলৈ গৈ এই বৈশিষ্ট্য নিষ্ক্ৰিয় কৰিব লাগিব। ষ্ট’ৰী সামাজিক মাধ্যমত বহুত আগৰে পৰাি জনপ্ৰিয় যদিও শেহতীয়াকৈ ‘চিগনেলে’ও এই সুবিধা মুকলি কৰাত দেৰিকৈ হ’লেও এপটোৰ ব্যৱহাৰকাৰী সকল যথেষ্ট উপকৃত হ’ব ৷ ।