কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা দেশৰ জনসাধৰণক স্বাস্থ্যৰ ক্ষেত্ৰত এক বিশেষ সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে । চিকিৎসাৰ বাবে ব্যৱহৃত কিছুমান সঁজুলিৰ দাম হ্ৰাস কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । কৰ‘না সংক্ৰমণৰ দ্বিতীয় ঢৌৱে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সন্ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই জনসাধাৰণক কিছু পৰিমাণে হ’লেও সকাহ দিব বুলি আশা প্ৰকাশ কৰা হৈছে ।
দৈনিক জনমভূমি কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এক পদক্ষেপৰ ফলত পালছ অক্সিমিটাৰ আৰু ৰক্তচাপ জোখা মেচিনকে ধৰি পাঁচবিধ চিকিৎসাৰ বাবে ব্যৱহৃত সঁজুলিৰ দাম হ্ৰাস পাব । চৰকাৰে এই সামগ্ৰীসমূহৰ বাণিজ্যিক লাভ সীমিত কৰিবলৈ লোৱাৰ ফলতেই ইয়াৰ দাম হ্ৰাস পাব ।
উল্লেখ্য যে উক্ত সামগ্ৰীসমূহৰ ক্ষেত্ৰত বাণিজ্যিক লাভৰ হাৰ ৭০% ত সীমিত ৰখাৰ সিদ্ধান্ত ৰখা হৈছে । এই হাৰ ২০ জুলাইৰ পৰা কাৰ্যকৰী কৰা হৈছে বুলি জানিব পৰা গৈছে । কাকতখনে প্ৰকাশ কৰা বাতৰি মতে কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ে এই কথা ঘোষণা কৰে ।
মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে অক্সিমিটাৰ আৰু ৰক্তচাপ জোখা মেচিনৰ উপৰিও নেবুলাইজাৰ , ডিজিটেল থাৰ্মোমিটাৰ আৰু গ্লোকমিটাৰৰ বাণিজ্যিক লাভৰ হাৰ সীমিত কৰা হৈছে । উল্লেখযোগ্য যে কৰ’নাৰ সংক্ৰমণৰ সময়ত চিকিৎসা সঁজুলিৰ দাম হ্ৰাস কৰাৰ উদ্দেশ্যেই এই সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে ।