আপুনি উন্নত মানৰ এখন বাইক ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে নেকি ? তেনেহ’লে আপোনাৰ বাবে এক সুখবৰ ৷ চীনৰ অন্যতম বৃহৎ বাইক নিৰ্মাতা কিউ জে মটর্ছে প্ৰৱেশ কৰিছে ভাৰতীয় মটৰ চাইকেলৰ বজাৰত ৷ শীঘ্ৰে ভাৰতত প্ৰতিষ্ঠানটোৱে মুকলি কৰিব ৪খন মটৰ চাইকেল ৷ উল্লেখ্য যে কিউ জে মটর্ছে চাৰিটা ব্ৰেণ্ড- ক্ৰমে বেনেল্লী, কীৱে,মটো মৰিণি আৰু জ’নটেছৰ মটৰ চাইকেল ভাৰতীয় বজাৰত বিক্ৰী কৰি আহিছে ৷ ভাৰতত কিউ জে মটর্ছেৰ দ্বাৰা মুকলি কৰিবলৈ লোৱা বাইকসমূহ হৈছে-
এছ আৰ চি ২৫০ আৰু এছ আৰ চি ৫০০
ভাৰতত ইয়াৰ ক্লাছিক ষ্টাইলৰ মটৰ চাইকেল এছ আৰ চি ২৫০ আৰু এছ আৰ চি ৫০০ মুকলি কৰিব নিৰ্মাতা কোম্পানীটোৱে। এছ আৰ চি ৫০০ত ৫০০ চি চি ইঞ্জিন দিয়া হ’ব যিয়ে ২৫.৫ পি এছ আৰু ৩৬ এন এম টৰ্ক শক্তি উৎপাদন কৰিব। দুয়োখন বাইকতে এনালগ টুইন-পড ডেছৰ সৈতে স্পক হুইল আছে।
এছ আৰ ভি ৩০০
এছ আৰ ভি ৩০০ মটৰ চাইকেলে ২৯৬ চিচি ভি-টুইন ইঞ্জিন সন্নিৱিষ্ট কৰা হৈছে ৷ মটৰ চাইকেলখনৰ ডিজাইন হাৰ্লি ডেভিডছন মটৰ চাইকেলৰ (সৰু ইঞ্জিনৰ)ৰ সৈতে যথেষ্ট মিল আছে। এছ আৰ ভি ৩০০ ক্ৰুজাৰৰ সৈতে মিল আছে আৰু ই ৰয়েল এনফিল্ড মিটিয়ৰ ৩৫০ অথবা হাণ্টাৰ ৩৫০ৰ প্ৰতিদ্বন্দ্বী হ’ব পাৰে।
এছ আৰ কে ৪০০
এছ আৰ কে ৪০০ হৈছে ৪০০ চি চি ইঞ্জিনযুক্ত মটৰ চাইকেল । ডিভাইচটোৰ সৰ্বোচ্চ শক্তি ৪০.৯পিএছ হোৱাৰ বিপৰীতে টৰ্ক ৩৭এনএম। কেটিএম ড্যুক ৩৯০ৰ বাবে এছ আৰ কে ৪০০ সক্ষম প্ৰতিদ্বন্দ্বী যেন লাগে।