ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে আঠটা ভাৰতীয় বেংকৰ ওপৰত আৰ্থিক জৰিমনা আৰোপ কৰিছে। সেইকেইটা হ’ল ছত্তীশগড় ৰাজ্য সহকাৰী বেংক, দ্য গোৱা ষ্টেট সমবায় বেংক, গাঢ়া সমবায় বেংক, দ্য যাৱতমাল নগৰ সমবায় বেংক, জিলা সহকাৰী কেন্দ্ৰীয় বেংক, ৱাৰুদ নগৰ সমবায় বেংক, ইন্দাপুৰ নগৰ সমবায় বেংক, আৰু মেহছানা নগৰ সমবায় বেংক ।ভাৰতীয় ৰিজাৰ্ভ বেংকে এই আঠটা বেংকৰ ওপৰত আৰোপ কৰা জৰিমনা ১ লাখৰ পৰা ৪০ লাখ টকাৰ ভিতৰত । তদুপৰি, আৰ.বি.আয়ে এন.বি.এফ.চি. স্পন্দনা স্ফুৰ্টি ফাইনেন্সিয়েলৰ ওপৰতো আৰ্থিক জৰিমনা আৰোপ কৰিছে বুলি জানিব পৰা গৈছে।
ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ‘আপোনাৰ গ্ৰাহকক জানক’ আৰ্থাৎ কে ৱাই চি নিৰ্দেশনা, ২০১৬’ৰ কিছুমান ব্যৱস্থা পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে এই বেংকৰ সমূহৰ ওপৰত ২৫ লাখ টকাৰ জৰিমনা আৰোপ কৰিছে।
৩১ মাৰ্চ,২০২০ তাৰিখলৈকে বেঙ্কৰ বিত্তীয় স্থিতি সম্পৰ্কে নাবাৰ্ডৰ দ্বাৰা বেঙ্কৰ এক বিধিবদ্ধ পৰিদৰ্শনৰ পিছত বেংকসমূহক এই জৰিমনা বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ।
ৰিজাৰ্ভ বেংকৰ মতে পৰিদৰ্শন প্ৰতিবেদন আৰু সকলো সম্পৰ্কিত চিঠিপত্ৰৰ পৰীক্ষাই অন্যান্য বিষয়ৰ লগতে প্ৰকাশ কৰিছিল যে গ্ৰাহকৰ বিপদাশংকা সময়ে সময়ে পৰ্যালোচনা কৰাৰ এক প্ৰণালী কাৰ্যকৰী কৰাত ব্যৰ্থ হৈছে উক্ত বেঙ্কসমূহ ।