ৰিজাৰ্ভ বেংকে ৰেপো ৰেট অপৰিৱৰ্তিত কৰি ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে বৃহস্পতিবাৰে কয় যে ৰেপো ৰেট ৬.৫ শতাংশ পুনৰ নির্ধাৰণ কৰা হৈছে । ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিয়ে বৃহস্পতিবাৰে সৰ্বসন্মতিক্ৰমে আপাততঃ ৰেপো ৰেট বৃদ্ধি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ৰিজাৰ্ভ বেংকৰ এক সূত্ৰই কয় যে ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ কাৰণ হ’ল দেশৰ খুচুৰা মুদ্ৰাস্ফীতি ৰোধ কৰা । কিন্তু সামগ্ৰিকভাৱে মুদ্ৰাস্ফীতিৰ হাৰ এতিয়াও লক্ষ্যতকৈ বহু বেছি। দেশৰ শীৰ্ষ বেংকৰ মতে চলিত বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ হাৰ ৫.১ শতাংশ হ’ব পাৰে। এই প্ৰসংগত শক্তিকান্ত দাসে কয়, ‘আমাৰ হিচাপ অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ হাৰ ৪ শতাংশৰ ওপৰত হ’ব। কিন্তু মাৰ্চ-এপ্ৰিল মাহত মুদ্ৰাস্ফীতিৰ হাৰ ৬.৭ শতাংশ হ’লেও বহু পৰিমাণে হ্ৰাস পাইছে। এনে পৰিস্থিতিত আৰ বি আইয়ে ৰেপো ৰেট বৃদ্ধি কৰি বজাৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব নিবিচাৰে।“
ৰিজাৰ্ভ বেংকে যোৱা বছৰৰ মে’ মাহৰ পৰা ক্ৰমান্বয়ে ২৫০ বেচিছ পইণ্টেৰে ৰেপ’ ৰেট বৃদ্ধি কৰিছে। এপ্ৰিল মাহত বেংক কৰ্তৃপক্ষই ৰেপো ৰেট ৬.৫ শতাংশ ৰখাৰ সিদ্ধান্ত লৈছিল। ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তৰ ফলস্বৰূপে গৃহ ঋণ, গাড়ী ঋণ আৰু অন্যান্য ঋণৰ সুতৰ হাৰ অপৰিৱৰ্তিত হৈ আছে। ইয়াৰ দ্বাৰা মধ্যবিত্ত শ্ৰেণীয়ে কিছু সকাহ লাভ নকৰিব ৷
আৰ বি আইয়ে আন বেংকক ৰেপো ৰেটত ঋণ দিয়ে। বেংকে ঋণৰ মাহেকীয়া কিস্তিৰ হাৰো বৃদ্ধি কৰে যেতিয়া ৰেপো ৰেট বৃদ্ধি পায়। ৰেপো হাৰ অপৰিৱৰ্তিত ৰখাৰ উপৰিও ৰিজাৰ্ভ বেংকে কয় যে ২০২২-২৩ চনত দেশৰ জিডিপি বৃদ্ধিৰ হাৰ ৭.২ শতাংশ হ’ব পাৰে। ইয়াৰ পূৰ্বে দেশৰ এপেক্স বেংকে এই হাৰ ৭ শতাংশ বুলি বিবেচনা কৰিছিল।