সকলোৰে এবিধ প্ৰিয় পাচলি হৈছে ভেণ্ডি। অসমৰ জলবায়ুত গ্ৰীষ্ম ঋতুত প্ৰচুৰ পৰিমাণে উৎপাদন হোৱা এই পাচলি বিধ আজিকালি সকলো সময়তে বজাৰত উপলব্ধ হয়।
গাঢ় সেউজীয়া ৰঙৰ ভেণ্ডিত যথেষ্ট পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ভিটামিন থাকে।বিশেষকৈ হৃদযন্ত্ৰ,ৰক্তচাপ,ডায়েবেটিচ, কলেষ্টেৰলৰ সমস্যাৰ বাবে ভেণ্ডি খুবেই উপকাৰী প্ৰমাণ হৈছে। তেনেক্ষেত্ৰত বজাৰত ভেণ্ডিৰ চাহিদা দিনক দিনে বৃদ্ধি পোৱা দেখা গৈছে।
এই সুযোগ গ্ৰহণ কৰি মধ্য প্ৰদেশ ভূপালৰ খাজুৰী কালানৰ এজন খেতিয়কে এক বিশেষ জাতৰ ভেণ্ডি খেতি কৰি অধিক লাভৱান হোৱা খবৰে এতিয়া সকলো খেতিয়কলৈ উৎসাহ কঢ়িয়াই আনিছে।
মিশ্ৰিলাল ৰাজপুত নামৰ খেতিয়ক জনে এক ব্যতিক্ৰমী ৰঙা জাতৰ ভেণ্ডি খেতি কৰি বজাৰ দখল কৰাৰ লগতে প্ৰতি কেজিত ৮০০ টকাকৈ বিক্ৰী কৰিবলৈ সক্ষম হৈছে।যিহেতু এই জাতৰ ভেণ্ডি সাধাৰণ সেউজীয়া ভেণ্ডিতকৈও অধিক উপকাৰী আৰু পুষ্টিকৰ।
এই খবৰ বিয়পি পৰাৰ লগে লগে বহু দূৰ দূৰণিৰ পৰা অহা খেতিয়কে মিশ্ৰিলালা ৰাজপুতৰ পৰা ৰঙা ভেণ্ডিৰ খেতিৰ বিষয়ে জানিবলৈ ভীৰ কৰা পৰিলক্ষিত হৈছে।জানিব পৰা মতে, বাৰাণসীৰ এখন কৃষি গৱেষণা প্ৰতিষ্ঠানৰ পৰা ১ কিলোগ্ৰাম বীজ ক্ৰয় কৰি অনা ৰাজপুতে জুলাই মাহৰ প্ৰথম সপ্তাহত এই বীজ সিঁচিছিল। কোনো ধৰণৰ কীট নাশক ঔষধ ব্যৱহাৰ নকৰাকৈ কৰা এই খেতি প্ৰায় ৪০ দিনৰ ভিতৰত বাঢ়িবলৈ আৰম্ভ কৰে।
বিশেষকৈ এই খেতি এক একৰ মাটিত নিম্নতম ৪০-৫০ কুইন্টল আৰু সৰ্বাধিক ৭০-৮০ কুইন্টল খেতি কৰিব পৰা যায়। লগতে ইয়াৰ মূল্য সাধাৰণ জাতৰ ভেণ্ডিতকৈ ৫-৭ গুণ বেছি। ইয়াত থকা অধিক পুষ্টিকৰ গুণৰ বাবে ৰঙা ভেণ্ডিৰ মূল্য অধিক হোৱা দেখা গৈছে।কিছুমান বজাৰত ৰঙা ভেণ্ডি প্ৰতি ২৫০ গ্ৰাম বা ৫০০ গ্ৰামত ৭৫-৮০ টকাৰ পৰা ৩০০-৪০০ টকালৈ বিক্ৰী হোৱা দেখা গৈছে।তেনেক্ষেত্ৰত এতিয়া বহু খেতিয়কে ৰঙা ভেণ্ডি খেতি কৰি অধিক লাভাম্বিত হ’বলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে।