ডুবাইৰ আটাইতকৈ ব্যয় বহুল এটা বৃহৎ ভৱন ৮০ বিলিয়ন ডলাৰত ক্ৰয় কৰিলে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ড্ৰাষ্টিজ লিমিটেডে ৷ ডুবাইৰ পাম জুমেৰাহত অৱস্থিত এই বৃহৎ ভৱনটো এই বছৰৰ আৰম্ভণিতে আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্তৰ বাবে ক্ৰয় কৰা হৈছিল যদিও ব্যক্তিগত লেনদেনৰ বাবে এই তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছিল কৰ্তৃপক্ষ ৷
স্থানীয় সংবাদ মাধ্যম সমূহে ক্ৰেতাৰ নাম ব্যক্ত নকৰাকৈ ইতিমধ্যে পাম জুমেইৰাহৰ সবিশেষ প্ৰকাশ কৰিছে ৷ তেওঁলোকে জানিবলৈ দিয়া মতে সমুদ্ৰতীৰত অৱস্থিত পাম জুমেইৰাহৰ দ্বীপসমূহৰ ভিতৰত আছে অভিজাত হোটেল, ক্লাব, স্পা, ৰেষ্টুৰেণ্ট আৰু পাৰস্য উপসাগৰৰ নীলা পানীৰ মনোমোহা দৃশ্যৰ সৈতে স্প্ল্যাছি এপাৰ্টমেণ্ট টাৱাৰ।
উল্লেখ্য যে ইয়াক নিৰ্মাণ কৰা হৈছিল ২০০১ চনত আৰু ইয়ালৈ প্ৰথম বাসিন্দাসকল আহিছিল ২০০৭ চনত। শেহতীয়াকৈ জানিব পৰা মতে ব্ৰিটিছ ফুটবলাৰ ডেভিড বেকহাম আৰু তেওঁৰ পত্নীৰ লগতে বলীউড তাৰকা শ্বাৰুখ খানো হ’ব আম্বানীৰ নতুন চুবুৰীয়া ৷
পৃথিৱীৰ ভিতৰতে ১১তম ধনী ব্যক্তি হিচাপে পৰিগণিত মুকেশ আম্বানীৰ পুত্ৰ অনন্ত হ’ল তেওঁৰ ৯৩.৩ বিলিয়ন ডলাৰ সম্পত্তিৰ তনিজন উত্তৰাধিকাৰীৰ ভিতৰত এজন ৷আম্বানীৰ পৰিয়ালটোৱে ক্ৰমান্বয়ে বিদেশতো তেওঁলোকৰ স্থাৱৰ সম্পত্তি বৃদ্ধি কৰাত মনোনিবেশ কৰি আহিছে ৷ উল্লেখনীয় যে বিগত সময়চোৱাত ৰিলায়েন্সে ইংলেণ্ডত ৭৯নিযুত ডলাৰ ব্যয় কৰি স্টোক পাৰ্ক লিমিটেডো ক্ৰয় কৰিছিল ৷ জানিবপৰা মতে তাত আছে এটা জৰ্জিয়ান যুগৰ বিশাল প্ৰাসাদ ৷ আম্বানীৰ জ্যেষ্ঠ পুত্ৰ তথা টেলিকম অপাৰেটৰ ৰিলায়েন্স জিঅ’ ইনফোকম লিমিটেডৰ অধ্যক্ষ আকাশৰ বাবে ক্ৰয় কৰা হৈছিল ৷ আনহাতে বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে আম্বানীৰ কন্যা ঈশায়ো নিউয়ৰ্কত এটা ঘৰৰ সন্ধান কৰি আছে ৷
শেহতীয়াকৈ জানিব পৰা মতে ডুবাইৰ সাগৰ তীৰৰ এই ভিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ মুকেশ আম্বানীয়ে ব্যয় কৰিব মিলিয়ন ডলাৰ ৷ আনাতে আম্বানীৰ দীৰ্ঘদিনীয়া সহযোগী ,গোটটোৰ কৰ্পোৰেট বিষয়ৰ সঞ্চালক আৰু সংসদৰ সদস্য পৰিমল নাথৱানীয়ে এই ভিলাটো পৰিচালনা কৰিব ৷