বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফলত দিনে দিনে সহজ হৈ পৰিছে মানুহৰ জীৱন ৷ ম’বাইল নেটৱৰ্কৰ যোগেদি মানুহে ঘৰতে বহি কম সময়তে কৰিব পাৰিছে বহু কাম ৷ অৱশ্যে দেশৰ টেলিকম প্ৰতিষ্ঠান সমূহে এই ক্ষেত্ৰত এক অনন্য ভূমিকা পালন কৰা দেখা গৈছে ৷ ২জি,৩জিৰ পৰা আৰু দুখোজ আগুৱাই দেশৰ আগশাৰীৰ টেলিকম কোম্পানী সমূহে এইবাৰ ৫জিৰ সুবিধা প্ৰদান কৰিছে সমগ্ৰ দেশবাসীকে ৷
দেশৰ ভিতৰতে এক আগশাৰীৰ মোবাইল নেটৱৰ্ক প্ৰতিষ্ঠান ৰিলায়েন্স জিঅ’ৰ অধ্যক্ষ আকাশ আম্বানীয়ে ৰাজস্থানৰ ৰাজচামান্দৰ নাথদ্বাৰৰ বিখ্যাত শ্ৰীনাথজী মন্দিৰৰ পৰা আজি মুকলি কৰিলে ৫জি নেটৱৰ্ক সেৱা ।ৰিলায়েন্স জিঅ’ৰ অধ্যক্ষ আকাশ আম্বানী আজি ৰাতিপুৱা এখন বিশেষ বিমানেৰে উদয়পুৰত উপস্থিত হয় আৰু তাৰ পৰা তেওঁ নাথদ্বাৰলৈ যাত্ৰা কৰে আৰু মৰুভূমি ৰাজ্য ৰাজস্থানত আজিৰ পৰা মুকলি কৰে ৫জি সেৱা ৷
গুৰুত্বপূৰ্ণ যে আম্বানী পৰিয়ালৰ শ্ৰীনাথজীৰ ওপৰত আছে অপৰিসীম বিশ্বাস ৷ আম্বানী পৰিয়ালৰ উপাস্য দেৱতা শ্ৰীনাথজী – যাৰ মন্দিৰৰ পৰা পূৰ্বতেও ৰিলায়েন্স জিঅ’ই আৰম্ভ কৰিছিল ৪জি নেটৱৰ্ক সেৱা ।
উল্লেখনীয় যে চলিত বৰ্ষৰ ছেপ্টেম্বৰত, মুকেশ আম্বানীয়ে শ্ৰীনাথজীৰ দৰ্শন কৰাৰ পিছত মন্দিৰৰ মহন্ত বিশাল বাবাৰ পৰা আশীৰ্বাদ লৈছিল আৰু সেই সময়তে তেওঁ কৈছিল যে নাথদ্বাৰৰ মন্দিৰৰ পৰাই ৰাজ্যখনত আৰম্ভ কৰা হ’ব ৫জি সেৱা ।সেয়েহে আজি কোম্পানীটোৰ অধ্যক্ষ আকাশ আম্বানীয়ে এই সেৱাসমূহ আম্বানী পৰিয়ালৰ দেৱতা শ্ৰীনাথজীক উৎসৰ্গা কৰি ৰাজ্যখনত এই ৫জি সেৱা মুকলি কৰে ৷ ৫জি সেৱা মুকলি কৰি আকাশ আম্বানীয়ে কয় যে শ্ৰীনাথজীৰ আশীৰ্বাদত আজি নাথদ্বাৰত জিঅ’ ৫জি সেৱাৰ জৰিয়তে ৫জি পাৱাৰ ৱাইফাই সেৱা আৰম্ভ হৈছে। এই ৫জি সকলোৰে বাবে। ভাৰতৰ প্ৰতিটো কোণত ৫জি সেৱা আৰম্ভ হোৱাটো তেওঁলোকৰ প্ৰয়াস ৷ আনহাতে অতি সোনকালে আৰম্ভ হ’ব জিঅ’ ট্ৰু ৫জি সেৱা ৷