ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিৰ্দেশিত নিয়মাৱলী সমূহ অনুসৰণ নকৰাৰ বাবে দুই আগশাৰীৰ বেংক প্ৰতিষ্ঠান এক্সিছ বেংক আৰু আই ডি বি আই বেংকক ৯৩লাখ টকাৰ জৰিমনা বিহা হৈছে ৷ ৰিজাৰ্ভ বেংকে জানিবলৈ দিয়া মতে ব্যক্তিগত খণ্ডৰ বেংক প্ৰতিষ্ঠান এক্সিছ বেংকে ঋণ আৰু অগ্ৰিম ধন,কে ৱাই চি নিৰ্দেশাৱলী আৰু ছেভিংছ বেংক একাউণ্টত ন্যূনতম ধনৰাশি জমা নকৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট নিয়মাৱলী পালন নকৰাৰ বাবে জৰিমনাৰ সন্মূখীন হৈছে ৷ একেদৰেই আই ডি বি আই বেংকক জালিয়াতিৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত নিয়ম অনুসৰণ নকৰাৰ বাবে বিহা হৈছে জৰিমনা ৷