ভাৰতীয় ৰিজাৰ্ভ বেংকে এক নিৰ্দেশনা যোগে কে ৱাই চি আপদেটৰ ক্ষেত্ৰত শেহতীয়াকৈ বেংক গ্ৰাহক সমূহক কিছু সকাহ প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ ৰিজাৰ্ভ বেংকে জনোৱা মতে কে ৱাই চি দাখিলৰ অন্তিম সময়সীমা ২০২২চনৰ ৩১মাৰ্চলৈকে বৃদ্ধি কৰা হৈছে ৷ এই সময়ছোৱাৰ আগলৈকে কে ৱাই চি আপদেট নকৰাৰ বাবে বেংক সমূহে গ্ৰাহকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব বুলিও ৰিজাৰ্ভ বেংকে নিৰ্দেশনাত উল্লেখ কৰিছে ৷
কোৰোণাৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ কথা অনুধাৱন কৰিয়েই কেন্দ্ৰীয় বেংকটোৱে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷