ক’ভিডৰ পূর্বৰ তুলনাত দেশত বৃদ্ধি পাইছে খুচুৰা খণ্ডৰ বিক্ৰীৰ হাৰ ৷ নবেম্বৰ মাহত ক’ভিডৰ পূর্বৰ তুলনাত খুচুৰা খণ্ডত বিক্ৰীৰ হাৰ ৬ শতাংশ বৃদ্ধি পাইছে ৷ ৰিটেইলার্ছ এছ’চিয়েচন অৱ ইণ্ডিয়াই চলোৱা এক সমীক্ষাত এই কথা প্ৰকাশ পাইছে ৷ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি যোৱা নবেম্বৰ মাহত খুচুৰা বিক্ৰী ২০১৯ আৰু ২০২০ বর্ষৰ একেটা মাহৰ তুলনাত ক্ৰমে ৬ আৰু ১৬ শতাংশ বৃদ্ধি পাইছে ৷ অৱশ্যে অক্টোবৰৰ তুলনাত বিক্ৰীৰ হাৰ ৫ শতাংশ হ্ৰাস পাইছে নবেম্বৰত ৷ বিশেষকৈ দেশৰ পশ্চিম প্ৰান্তত এই সময়ছোৱাত সর্বাধিক বিক্ৰী পৰিলক্ষিত হৈছে ৷ নবেম্বৰত স্পর্টছ সামগ্ৰীৰ বিক্ৰী ক’ভিডৰ পূর্বৰ তুলনাত ১৮ শতাংশ আৰু বার্ষিক হিচাপত ০৮ শতাংশ বৃ্দ্ধি পাইছে ৷ একেদৰে গ্ৰাহক উপযোগী বৈদ্যুতিক সামগ্ৰীৰ বিক্ৰী ক্ৰমে ৩২ শতাংশঅৰু ২০ শতাংশ, অলংকাৰৰ বিক্ৰী ৬ শতাংশ আৰু ৫ শতাংশ , খাদ্য আৰু ৰেচনৰ বিক্ৰী ১২শতাংশ আৰু ৫ শতাংশ বৃ্দ্ধি পাইছে ৷ পশ্চিম প্ৰান্তৰ সমান্তৰালকৈ দেশৰ পূব আৰু দক্ষিণ প্ৰান্ততো খুচুৰা খণ্ডৰ বিক্ৰী ক’ভিডৰ পূর্বৰ তুলনাত ৯শতাংশ অধিক হোৱা পৰিলক্ষিত হৈছে ৷ বিক্ৰীৰ লগতে নিযুক্তিৰ ক্ষেত্ৰতো বিকাশ পৰিলক্ষিত হৈছে ৷ মনষ্টাৰ এমপ্লয়মেণ্ট ইনডেক্সৰ তথ্য অনুসৰি নবেম্বৰত নিযুক্তিৰ হাৰ ৯ শতাংশ বৃদ্ধি পাইছে ৷