অহা ১ জানুৱাৰীৰ পৰা এ টি এমৰে ধন উলিওৱাৰ সময়ত আপুনিও হওঁক সাৱধান ৷ কিয়নো নৱবর্ষৰ প্ৰথমটো দিনৰ পৰাই এ টি এমেৰে ধন উলিওৱাৰ নিয়মৰ যথেষ্ট সাল-সলনি ঘটিব ৷ এতিয়াৰে পৰা গ্ৰাহকসকলে বিনামূলীয়া এটিএম লেনদেনৰ সীমা অতিক্ৰম কৰিলে অধিক মাচুল ভৰিব লাগিব ৷কিয়নো ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰবিআই) প্ৰতিটো ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকক বিনামূলীয়া মাহিলী অনুমোদিত সীমাৰ বাহিৰত নগদ ধন আৰু নগদ ধনবিহীন এটিএম লেনদেনৰ বাবে মাচুল বৃদ্ধি কৰিবলৈ অনুমতি দিছে।
কি কি নতুন নতুন নিয়ম কার্যকৰী হ’বঃ
গ্ৰাহকসকলে কিমান পৰিমানৰ নতুন মাচুল পৰিশোধ কৰিব লাগিব?
ৰিজার্ভ বেংকৰ অধিসূচনা অনুসৰি গ্ৰাহকসকলে ধন উলিয়াবলৈ আগতে পৰিশোধ কৰা পৰিমাণতকৈ ১ টকা অধিক মাচুল দিব লাগিব। যিকোনো ৰাজহুৱা বা ব্যক্তিগত খণ্ডৰ বেংকৰ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে নগদ ধন উলিওৱা মাচুল এতিয়া বৰ্তমানৰ ২০ টকাৰ পৰিৱর্তে অহা ১ জানুৱাৰীৰ পৰা প্ৰতিটো লেনদেনত ২১ টকা ভৰিব লাগিব ৷ইয়াৰ উপৰি সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ব্যৱস্থাৰ অধীনতো আপুনি ভৰিব লাগিব কৰ ৷
বৃদ্ধি কৰা মাচুল কেতিয়া পৰা প্ৰযোজ্য হ’ব?
এ টি এমৰ বিনামূলীয়া মাহিলী সীমা শেষ হোৱাৰ পিছত অতিৰিক্ত লেনদেনৰ বাবে বৰ্ধিত মাচুল প্ৰযোজ্য হ’ব। নতুন বছৰৰ প্ৰথম দিনটোৰ পৰা নতুন নিৰিখ কাৰ্যকৰী হ’ব।
মাহেকত কিমানটা বিনামূলীয়া লেনদেনৰ অনুমতি দিয়া হ’ব?
গ্ৰাহকসকলক তেওঁলোকৰ নিজৰ বেংকৰ এটিএমৰ পৰা মাহিলী ভিত্তিত বিত্তীয় আৰু অ-বিত্তীয় লেনদেনসহ পাঁচটা বিনামূলীয়া লেনদেনৰ অনুমতি দিয়া হ’ব ৷ গ্ৰাহকসকলে মেট্ৰ’ চহৰত আন বেংকৰ এটিএমৰ পৰা তিনিবাৰ আৰু আন অঞ্চলসমূহত পাঁচবাৰ বিনামূলীয়া লেনদেন কৰিবলৈ সক্ষম হ’ব। এই সীমা অতিক্ৰম কৰিলেই গ্ৰাহকসকলে ভৰিব লাগিব অতিৰিক্ত মাচুল ৷