টকা –পইচা লেনদেনৰ ক্ষেত্ৰত সততে দেখা পোৱা এক সমস্যা হৈছে ফটা নোটৰ সমস্যা। বহু ক্ষেত্ৰত দেখা যায় যে এটিএমৰ পৰাও এনে নোটৰ সৰবৰাহ হয়। গ্ৰাহকসকল এই ক্ষেত্ৰত গভীৰ বিপদত পৰে কাৰণ তেনে নোট বহুতে স্বীকাৰ কৰিবলৈ অমান্তি হয়।
ষ্টেট বেংক অৱ ইণ্ডিয়াই (SBI) বেয়া আৰু ফটা নোট কিদৰে সলনি কৰিব পাৰি, সেই ক্ষেত্ৰত আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ বাৰ্তা। দৰাচলতে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ টুইটাৰ একাউন্টত এগৰাকী গ্ৰাহকে এই সংক্ৰান্তীয় এক অভিযোগ উত্থাপন কৰিছিল। যাৰ উত্তৰত ষ্টেট বেংকে এক প্ৰয়োজনীয় বাৰ্তা প্ৰেৰণ কৰে।
উল্লেখ্য যে SBI য়ে জনোৱ মতে অত্যাধুনিক নোট ছ’ৰ্টিং মেচিনৰ দ্বাৰা বেংকত নোটৰ গুণগত মান নিৰ্ধাৰণ কৰা হয়। ফলত বেয়া বা ফটা নোটৰ প্ৰচলন হোৱাটো প্ৰায়ে অসম্ভৱ ।বেংকে জনোৱা মতে কোনো গ্ৰাহকে যদি তেনে নোট পায়ো তেন্তে বেংকৰ যিকোনো শাখালৈ গৈ সলনি কৰি ল’ব পাৰিব।
প্ৰাপ্ত তথ্য অনুসৰি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াইয়ো (RBI) বেয়া অথবা ফটা নোটৰ ক্ষেত্ৰত বিশেষ কিছুমান নীতি নিৰ্ধাৰণ কৰিছে। নীতি মতে প্ৰত্যেক বেংকে পুৰণা বেয়া হোৱা অথবা ফটা নোট গ্ৰহণ কৰিব লাগিব । কিন্তু এইক্ষেত্ৰত নিশ্চিত হ’ব লাগিব যাতে নোটবোৰ নকলি নহয়। ইয়াৰ বাবে কোনো অতিৰিক্ত টকা খৰচ নহয়। আনহাতে কোনো লোক সেই বেংকৰ গ্ৰাহক হ’ব লগিব বুলিও কোনো কথা নাই।
উল্লেখ্য যে পুৰণা বেয়া হোৱা নোট আকৌ ভালকৈ ব্যৱহাৰযোগ্য কৰিব পৰা যাব নে নাযাব, তাৰ বাবেও বেংকসমূহত ভালকৈ চালি জাৰি চোৱা হয় ।