অসমৰ কৃষিখণ্ড , জলসম্পদ , ভূমি ব্যৱস্থাপনা , বন পৰিবেশ সুৰক্ষা এই ক্ষেত্ৰবোৰত বহুল প্ৰয়োগ হ’ব মহাকাশ বিজ্ঞান প্ৰযুক্তিৰ ।
অসমৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা মন্ত্ৰী কেশৱ মহন্তই ডনাৰ মন্ত্ৰীৰ জি কিষাণ ৰেড্ডীয়ে সৈতে হোৱা এক ভিডিঅ’ কনফাৰেঞ্চত প্ৰকাশ কৰে এই কথা ।
উল্লেখযোগ্য যে ডনাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে বৃহস্পতিবাৰে পূৰ্বোত্তৰৰ আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবসকলৰ সৈতে অনুষ্ঠিত কৰে এখন ভিডিঅ’ কনফাৰেঞ্চ ।
উল্লেখ্য যে অসম বিধানসভাৰ কাৰ্যসূচীত ব্যস্ত থাকিবলগীয়া হোৱাৰ বাবে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই অসমৰ স্বাস্থ্য তথা বিজ্ঞান-প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক ডনাৰ মন্ত্ৰীৰসৈতে হোৱা ভিডিঅ’ কনফাৰেঞ্চত অংশগ্ৰহণৰ দায়িত্ব দিয়ে ।
দিছপুৰস্থিত জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা , অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ আৰু মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহাৰ সৈতে মন্ত্ৰী মহন্তই এই বৈঠকত অংশগ্ৰহণ কৰে ।
বাতৰি মতে, মন্ত্ৰী মহন্তই ৰাজ্যখনৰ পথ , মথাউৰি , বনভূমি আদি চৰকাৰী সম্পদসমূহৰ সঠিক ৰক্ষণাবেক্ষণ তথা বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতিত নজৰ ৰখাৰ ক্ষেত্ৰত ৰিম’ট ছেঞ্জিং আৰু ছেটেলাইট ইমেজ পদ্ধতিৰ ব্যৱহাৰৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে ডনাৰ মন্ত্ৰী ৰেড্ডীক অৱগত কৰে । ইয়াৰ উপৰিও তেঁও অসম চৰকাৰে প্ৰায়োগিক মহাকাশ বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰেৰে ৰাজ্যত বহুকেইটা প্ৰকল্প হাতত লোৱাৰ কথা দাঙি ধৰে ।
অসমৰ কৃষিখণ্ডৰ আধুনিকীকৰণ , ভূমি ব্যৱস্থাপনা , বন পৰিৱেশ সুৰক্ষা , জলসম্পদ ব্যৱস্থাপনা ,অপৰাধ নিয়ন্ত্ৰণ আদি দিশবোৰতো প্ৰায়োগিক মহাকাশ বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে পৰিকল্পনা যুগুত কৰা কথা মন্ত্ৰীগৰাকীয়ে অৱগত কৰে ।ইয়াৰ লগতে তেঁও উল্লেখ কৰে যে চৰকাৰী সম্পদৰ তথ্য আহৰণ আৰু ৰিম’ট ছেঞ্জিং তথা ছেটেলাইট নিৰীক্ষণতো মহাকাশ বিজ্ঞান প্ৰযুক্তিৰ সহায় ল’ব ।
এইক্ষেত্ৰত নেছাকে কাৰিকৰী সহযোগিতা আগবঢ়াবলৈ সন্মতি জনোৱাৰ বিষয়ে সদৰী কৰি মন্ত্ৰী মহন্তই ডনাৰ মন্ত্ৰীগৰাকীক জনাই যে অহা ২৫ জুলাইত কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা উত্তৰ- পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ উপস্থিতিত নেছাকৰ সৈতে এখন বুজাবুজি চুক্তি সম্পাদনৰ বাবে অসম চৰকাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ।