আপুনি বিশাল সাগৰত জাহাজত থাকি অৱসৰ বিনোদন কৰি থকাৰ সময়ত অথবা বিমান ভ্ৰমণৰ সময়ত ইণ্টাৰনেটৰ অভাৱত জৰুৰী অথবা নিয়মীয়া কার্যালয়কেন্দ্ৰিক কাম-কাজ কৰাত অসুবিধাৰ সন্মুখীন হৈছে নেকি ? যদি হৈছে তেনেহ’লে এতিয়াৰ পৰা আৰু নাথাকিব এই অসুবিধা ৷ কিয়নো সাগৰৰ মাজত জাহাজত থাকিলেও এতিয়াৰ পৰা উপলব্ধ হ’ব ইণ্টাৰনেট সেৱা ৷ উপগ্ৰহ ইণ্টাৰনেটৰ জৰিয়তে প্ৰদান কৰা হ’ব এই সেৱা ৷ এলন মাস্কৰ স্পেচএক্সৰ উপগ্ৰহ ইণ্টাৰনেট সেৱা ষ্টাৰলিংকে জাহাজ আৰু অন্যান্য দূৰৱৰ্তী স্থানত ইণ্টাৰনেট প্ৰদানৰ বাবে সেৱা মুকলি কৰিছে। ষ্টাৰলিংক মেৰিটাইম নামেৰে নামাকৰণ কৰা ই সাগৰত থকাৰ সময়ত ৩৫০ এমবিপিএছ পৰ্যন্ত ডাউনলোড স্পীড প্ৰদান কৰিব পাৰে। আমেৰিকাৰ ফেডাৰেল কমিউনিকেচন কমিছনে (এফচিচি) ষ্টাৰলিংকক চলন্ত বাহনসমূহক ইণ্টাৰনেট সেৱা প্ৰদানৰ অনুমতি দিয়াৰ কিছুদিন পিছতে এই কথা প্ৰকাশ পাইছে। এফচিচিৰ অনুমোদনৰ ফলত কোম্পানীটোৱে বাণিজ্যিক বিমান সংস্থা আৰু অন্যান্য বাহনসমূহলৈ ব্ৰডবেণ্ডৰ প্ৰস্তাৱ সম্প্ৰসাৰণ কৰিব পাৰিব।
শুকুৰবাৰে ষ্টাৰলিংকে এটা টুইটযোগে এই কথা ঘোষণা কৰে ৷ য’ত তেওঁলোকৰ চেটেলাইট ইণ্টাৰনেট হাৰ্ডৱেৰৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰিছে ৷ সমগ্ৰ ছেট-আপটো অৱশ্যে সস্তীয়া নহ’ব । ষ্টাৰলিংক উপগ্ৰহৰ সৈতে সংযোগ কৰি ইণ্টাৰনেট প্ৰদানৰ বাবে ব্যৱহাৰ কৰা এই সেৱাৰ মূল্য হ’ব ১০ হাজাৰ ডলাৰ। তদুপৰি গ্ৰাহকে এই সেৱাৰ বাবে মাহে ৫ হাজাৰ ডলাৰ দিব লাগিব।
ষ্টাৰলিংকৰ ৱেবছাইটৰ মতে, ৰকেটৰ অৱতৰণ সহ্য কৰিব পৰা এই ইণ্টাৰনেটৰ বাবে ব্যৱহাৰ কৰা ডিচে। ইয়াৰ উপৰিও ই আকাৰত সৰু হোৱাৰ বাবে নূন্যতম স্থানহে অধিকাৰ কৰে ৷ কোম্পানীটোৱে প্ৰায় ২০০০টা উপগ্ৰহৰ এটা নক্ষত্ৰমণ্ডল মুকলি কৰিছে যিয়ে ২ লাখ ৫০ হাজাৰ ব্যৱহাৰকাৰীলৈ ইণ্টাৰনেট প্ৰেৰণ কৰিব পাৰে।