ৰাজ্যৰ মহিলা সকলৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগবঢ়াইছে ৰাজসাহাৰ্য। অতি শীঘ্ৰেই কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে ২৫ হাজাৰকৈ টকা লাভ কৰিব ৰাজ্যৰ মহিলা সকলে।
বিগত সময়ত মহিলা সকলে লাভ কৰা ৰাজসাহাৰ্যৰ যোগেদি বিভিন্ন সময়ত আৰ্থিক ভাৱে আত্মনিৰ্ভৰশীল হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ ৰাজ্য চৰকাৰে এই সুবিধা আগবঢ়োৱা আঁচনি হাতত লৈছে। কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে এই ধন লাভ কৰিবলৈ হলে মহিলা সকলে প্ৰথমতে একোটা আত্ম সহায়ক গোট গঠন কৰিব লাগিব।
অৰ্থাৎ গোট গঠন কৰা ছমাহৰ পিছৰ পৰাই লাভ কৰিব এই ৰাজসাহাৰ্য। প্ৰথম অৱস্থাত ছমাহত ২৫ হাজাৰ টকা লাভ কৰাৰ লগতে ১৮ মাহ অতিক্ৰম কৰিলে ৩০ হাজাৰ টকা লাভ কৰিব। একেদৰে ৩০ মাহ অতিক্ৰম কৰা গোটে লাভ কৰিব ৬০ হাজাৰকৈ টকা আৰু ৫৪ মাহ সম্পূৰ্ণ হলে লাভ কৰিব ১ লাখ ২৫ হাজাৰকৈ টকা। আৱেদন কৰিবলৈ হলে অফলাইন বা অনলাইন দুয়োটা পদ্ধতিৰে প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব বুলিও উল্লেখ কৰিছে ৰাজ্য চৰকাৰে।
এই প্ৰ-পত্ৰ সমূহ পূৰ কৰাৰ পিছত একে পদ্ধতিৰে স্থানীয় পঞ্চায়ত কাৰ্যালয়ত জমা দিব লাগিব।ইয়াৰোপৰি সঘনাই বৈঠক,জমা বা বেংকৰ আভ্যন্তৰীণ লেনদেন অব্যাহত থকা গোটে সহজে লাভ কৰিব এই সুবিধা।ইফালে পূৰ্বতে এই আঁচনিৰ জৰিয়তে বহু মহিলা আত্মনিৰ্ভৰশীল হোৱা দেখা গৈছিল। তেনেক্ষেত্ৰত বৰ্তমানলৈকে ২ লাখ ৫৪ হাজাৰ আত্মসহায়ক গোটক প্ৰদান কৰা হৈছে এই ধন।
বিশেষকৈ গ্ৰাম্য অৰ্থনৈতিক ভেটি সুদৃঢ় কৰিবলৈ গ্ৰাম্য সমাজৰ মহিলা সকলৰ স্বাৱলম্বী হোৱাত অৰিহণা যোগাবলৈ এই আঁচনি পুনৰ ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰেপৰি এই আঁচনিৰ জৰিয়তে পূৰ্বতে ১০ হাজাৰকৈ লাভ কৰা গোটে পুনৰ ১৫ হাজাৰকৈ টকা লাভ কৰিব।