প্ৰবীণ উদ্যোগপতি তথা টাটা চন্চৰ চেয়াৰমেন এমেৰিটাছ ৰতন টাটাই শৈশৱৰ দিনবোৰলৈ ঘূৰি গৈ সামাজিক মাধ্যমত ভাতৃ জিমি টাটা আৰু তেওঁলোকৰ কুকুৰটোৰ সৈতে নিজৰ এখন ক’লা-বগা ছবি শ্বেয়াৰ কৰে ৰতন টাটাই ।
টাটাৰ মতে এই ছবিখন ১৯৪৫ চনত তোলা হৈছিল।টাটাই এই ছবিখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কয় যে তেওঁলোকৰ শৈশৱৰ এই দিনবোৰেই আছিল সকলোতকৈ সুখৰ দিন আছিল কাৰণ তেওঁলোক দুয়োজন ভাতৃৰ মাজলৈ একোৱেই আহব পৰা নাছিল । ফট’খনে নেটিজেন সকলৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ টাটাৰ অতীতৰ এই ফটোখন ইনষ্টাগ্ৰামত প্ৰকাশ পোৱাৰ পিছত ব্যৱহাৰকাৰীসকলে কয় যে এইটো সঁচাকৈয়ে এক অবিশ্বাস্য স্মৃতি।
কিন্তু এই জিমি টাটা কোন? আৰ পি জি এণ্টাৰপ্ৰাইজৰ অধ্যক্ষ হৰ্ষ গোৱেংকাই ২০২১ চনৰ জানুৱাৰী মাহত টুইটাৰত জিমি টাটাৰ এখন ছবি শ্বেয়াৰ কৰি কৈছিল যে তেওঁ মুম্বাইৰ কলাবাৰ এটা ২ বি এইচ কে ফ্লেটত নিসংগ জীৱন কটায় জিমিয়ে । গোয়েংকাই লগতে কৈছিল যে ব্যৱসায় কেতিয়াও জিমিৰ বাবে সহজ নাছিল কিন্তু তেওঁ আছিল এজন ভাল স্কোয়াছ খেলুৱৈ।
গোৱেংকাই এটা টুইট কৰি কৈছিল যে ৰতন টাটাৰ ভাতৃ জিমি টাটাৰ বিষয়ে ৰাইজে জানেনে যিয়ে মুম্বাইৰ কোলাবাত এটা ২ বি এইচ কে ফ্লেটত নিসংগ জীৱন কটায়! ব্যৱসায়ৰ প্ৰতি কেতিয়াও আগ্ৰহী নোহোৱা তেওঁ আছিল এজন অতি ভাল স্কোয়াছ খেলুৱৈ যি প্ৰতিবাৰেই তেওঁক পৰাস্ত কৰিছিল।
দ্য টাইমছ অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি জিমিৰ কেতিয়াও মোবাইল ফোন নাছিল ৷ বাতৰি কাকতেই যেন তেওঁৰ বহিঃজগতৰ তথ্যৰ একমাত্ৰ উৎস। সাধাৰণ ভাৱে জীৱন ধাৰণ কৰি ভাল পোৱা জিমি টাতা ‘টাটা ছন্স আৰু সংঘবদ্ধ কোম্পানীটোৰ মালিকানাধীন অন্যান্য কোম্পানীসমূহৰ শ্বেয়াৰহোল্ডাৰ। ১৯৮৯ চনত পিতৃ নভাল টাটাৰ মৃত্যুৰ পিছৰ পৰাই জিমি উত্তৰাধিকাৰ সূত্ৰে ৰতন টাটা ট্ৰাষ্টৰ ট্ৰাষ্টীও।
Did you know of Ratan Tata's younger brother Jimmy Tata who lives a quiet reticent life in a humble 2 bhk flat in Colaba, Mumbai! Never interested in business, he was a very good squash player and would beat me every time.
Low profile like the Tata group! pic.twitter.com/hkp2sHQVKq— Harsh Goenka (@hvgoenka) January 19, 2022