বিশ্ববাসীৰ বাবে এক আচৰিত খবৰ ৷ সকলোকে আচম্বিত কৰি ‘মেৰী খ্ৰীষ্টমাছ’ শীৰ্ষক এক এছ এম এছ প্ৰথম বাৰৰ বাবে নিলাম হ’ল ১.০৭লাখ ইউৰোত ৷ যোৱা মংগলবাৰে পেৰিছত অনুষ্ঠিত এক নিলাম অনুষ্ঠানত অভিলেখ মূল্যত বিক্ৰী হয় বিশ্বৰ প্ৰথমটো এছ এম এছ ৷ ১৯৯২ চনৰ ৩ডিচেম্বৰত প্ৰেৰণ কৰা এই এছ এম এছটোৰ বাবে নিলাম অনুষ্ঠিত কৰিছিল ব্ৰিটিছ টেলিকম কোম্পেনী ভোডাফোনে ৷
ভোডাফোনৰ অভিযন্তা নীল পেপৱৰ্থে তেওঁৰ কম্পিউটাৰৰ পৰা ব্ৰিটেইনৰ এজন প্ৰবন্ধকলৈ এই এছ এম এছ প্ৰেৰণ কৰিছিল ৷ ইয়াক নিলাম কৰা হৈছিল ‘নন-ফাংগিবল ট’কেন’ (এন এফ টি )ৰূপত ৷ এই এছ এম এছটো ক্ৰয় কৰা ব্যক্তিজনৰ নাম প্ৰকাশ কৰা হোৱা নাই যদিও তেওঁ উক্ত এছ এম এছটোৰ এটা প্ৰতিকী চিহ্ন লাভ কৰিব ৷