আইফোন মানেই ব্যয়বহুল বুলি সকলোৱে জানে ৷ অত্যাধুনিক সা-সুবিধাৰে সমৃদ্ধ আইফোন নতুনকৈ বজাৰত মুকলি কৰাৰ লগে লগে ধনাঢ্যই ক্ৰয় কৰিবলৈ হেতাওপৰা লগায় ৷ কিন্তু ১৬ বছৰ ধৰি বক্সত ভৰাই থোৱা প্ৰথম প্ৰজন্মৰ এটা আইফোনৰ মূল্যই আপোনাকো আচৰিত কৰি তুলিব ৷ শেহতীয়া সময়ত মুকলি কৰা দামী আইফোনকো অতিক্ৰম কৰিছে প্ৰথম প্ৰজন্মৰ আইফোনটোৱে ৷ আমেৰিকাৰ নিলামত ৬৩ হাজাৰ ৩৫৬ ডলাৰত ক্ৰয় কৰা হৈছে এই ফোনটো। ভাৰতীয় মুদ্ৰাত ইয়াৰ ,মূল্য ৫২ লাখ টকা ৷
দামী আইফোনটোৰ মালিক আছিল নিউ জাৰ্চিৰ এজন টেটু আৰ্টিষ্ট। নাম কেৰেন গ্ৰীণ। কিন্তু কেৰেনে ফোনটো ক্ৰয় কৰা নাছিল। ২০০৭ চনত কেৰেনক তেওঁৰ প্ৰিয়জনে উপহাৰ দিছিল এই ফোনটো। কেৰেনে নতুন চাকৰি কৰাত উপহাৰ হিচাপে প্ৰদান কৰিছিল ফোনটো। কিন্তু কেৰেনে আইফোনৰ বক্সটো খুলিব নোৱাৰিলে। মোবাইল নেটৱৰ্কৰ সমস্যাৰ বাবে তেওঁ ফোনটো ব্যৱহাৰ কৰিব নোৱাৰিলে বুলি নিলাম গৃহটোৱে জানিবলৈ দিয়ে। নিউ জাৰ্ছিৰ ভেৰিজন ফোন লাইন নেটৱৰ্ক চাৰ্ভিচ কোম্পানীটোৰ সৈতে কেৰেনৰ দীৰ্ঘম্যাদী চুক্তি আছিল। আৰু সেই সময়ত আইফোন কেৱল এ টি এণ্ড টি টেলিকম সেৱাৰ জৰিয়তেহে উপলব্ধ আছিল। যদি ফোনত নেটৱৰ্ক নাই, তেন্তে ফোনটোৰ কি কাম! এই চিন্তাৰ বাবেই কেৰেনে ফোনটো খোলা নাছিল। তেতিয়াৰ পৰাই ই নতুন অৱস্থাত বাকচত ভৰাই থোৱা আছে।
আইফোনৰ মালিক কেৰেনে অৱশ্যে প্ৰথমে ফোনটো নিলাম কৰাৰ কথা ভবা নাছিল। বৰং তেওঁ বহু আগতেই ভাবিছিল যে ফোনটো বিক্ৰী কৰিব। কাৰণ টেটু ষ্টুডিঅ’ এটা বনাবলৈ তেওঁক টকাৰ প্ৰয়োজন আছিল। কিন্তু কেইবছৰমানৰ আগতে তেওঁ গম পাইছিল যে তেওঁৰ দৰে প্ৰথম প্ৰজন্মৰ আইফোনে নিলামত ৪০ হাজাৰ ডলাৰ লাভ কৰিছে। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমাণ ৩৩ লাখ টকা। ইয়াৰ পিছত কেৰেনে আইফোনটো বিক্ৰী নকৰাকৈ আৰু কেইদিনমান অপেক্ষা কৰি নিজৰ ফোনটোও নিলাম কৰাৰ সিদ্ধান্ত ল’লে।
যোৱা অক্টোবৰ মাহত আমেৰিকাৰ এল চি জি অকচন হাউছৰ সৈতে কথা পাতিছিল কেৰেনে। ২ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ নিলামৰ বাবে ৰখা হৈছিল এই ফোনটো। ডেৰ হাজাৰ ডলাৰৰ পৰা আৰম্ভ কৰি শেষত আইফোনটো মূল মূল্যৰ ১০০ গুণত বিক্ৰী হয় ৷ ষ্টিভ জবছে ১৬ বছৰ পূৰ্বে ২০০৭ চনৰ জানুৱাৰী মাহত প্ৰথমটো আইফোন মুকলি কৰিছিল। মূল আইফোনটোৰ মূল্য আছিল ৫৯৯ ডলাৰ। ভাৰতীয় মুদ্ৰাত সেয়া আজিৰ হিচাপত প্ৰায় ৪৮ হাজাৰ টকা। প্ৰায় সাড়ে তিনি ইঞ্চি দীঘল স্ক্ৰীণ থকা ফোনটোত আছিল ২ মেগাপিক্সেলৰ কেমেৰা। আৰু ৮জিবি ষ্ট’ৰেজ।