বৰ্তমান সময়ত ‘ষ্টাৰবাক্স’ সকলোৰে বাবে এক চিনাকি নাম ৷ বিশেষকৈ কফি প্ৰেমী অভিজাত লোকসকলৰ বাবে ৷ বিশ্বৰ সৰ্ববৃহৎ কফি শৃংখল হিচাপে পৰিগণিত এই ‘ষ্টাৰবাক্সে’ শেহতীয়াকৈ প্ৰতিষ্ঠানটোৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিছে এজন ভাৰতীয়ক ৷ তেওঁ হৈছে লক্ষ্মণ নৰসিমহা ৷ ইয়াৰ পূৰ্বে ‘ৰেকিট বেনকিচাৰ’ৰ চি ই অ’ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল নৰসিমহাই ৷ অৱশ্যে ষ্টাৰবাক্সৰ চি ই অ’ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত নৰসিমহাই বছৰি লাভ কৰিব ১৪০ কোটি টকাৰ দৰমহা ৷জানিবপৰা মতে ‘ৰেকিট বেনকিচাৰ’ৰ চি ই অ’ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ছোৱাত তেওঁৰ বছৰি দৰমহা আছিল ৫৫কোটি টকা ৷
উল্লেখযোগ্য যে চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা ষ্টাৰবাক্সৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব লক্ষ্মণ নৰসিমহাই ৷