কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ বাবে আগবঢ়াইছে এক বিশেষ সুবিধা। উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ এক বৈঠকত অট’ , অট’ৰ অংশ আৰু ড্ৰণ উদ্যোগৰ বাবে ২৬,০৫৮ কোটি টকাৰ “Production Linked Incentive –PLI” আগবঢ়োৱা হৈছে।
তথ্য আৰু প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে জনোৱা মতে এই “PLI” আঁচনিৰ মুখ্য উদ্দেশ্য হৈছে ঘৰুৱা উৎপাদনত উৎসাহ জনোৱাৰ লগতে নিবনুৱা সকলৰ নিযুক্তিৰ ওপৰত গুৰুত্ব দিয়া। উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে প্ৰায় ৭.৬ লাখ লোকক কৰ্মসংস্থাপন দিয়াৰ কথা চিন্তা কৰা হৈছে। ইয়াৰ উপৰিও এই আঁচনিয়ে ভাৰতত উন্নত অটোম’টিভ প্ৰায়োগিকৰ ক্ষেত্ৰতো বহুতো লোকক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।
কেবিনেট বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে জনোৱা মতে ২৬.০৫৮ কোটি টকাৰ এক ইনছেনটিভ উদ্যোগসমূহক পাঁচ বছৰৰ বাবে প্ৰদান কৰা হ’ব। তেঁও আৰু জনাই যে PLI আঁচনিৰ অধীনত পাঁচ বছৰত ৪২,৫০০ কোটি টকাৰ বিনিয়োগ হ’ব আৰু ২.৩ লাখ কোটি টকাতকৈও অধিক বৃদ্ধি হ’ব।
উল্লেখ্য যে অহা তিনি বছৰত উক্ত আঁচনিৰ জৰিয়তে ড্ৰণ উদ্যোগৰ ক্ষেত্ৰত প্ৰায় ৫ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰা হ’ব বুলি আশা কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে জনাইছে। এই ক্ষেত্ৰত ১৫০০ কোটি টকাতকৈ অধিক উৎপাদন আহিব বুলি ধাৰণা কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি PLI আঁচনিৰ উপৰিও টেলিকম শাখাটো ১০০% FDI মঞ্জুৰিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।