টয়োটা ইণ্ডিয়াই বহু প্ৰত্যাশিত ইনোভা হাইক্ৰছৰ নতুন ৰূপ আজি মুকলি কৰিছে ৷ ক্ৰিষ্টা মডেলৰ পাছত বজাৰলৈ এই নতুন বাহনখন মুকলি কৰা হৈছে ৷ নতুন টয়োটা ইনোভা হাইক্ৰছ প্ৰতিটো দিশতে ইনোভা ক্ৰীষ্টাৰ তুলনাত পৰিৱর্তন কৰা হৈছে ৷ ইয়াৰ লেডাৰ-অন-ফ্ৰেম বডিৰ পৰিৱৰ্তে মনোকক ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে ৷ যাৰ ফলত ভাহনখনৰ ২০০ কিলোগ্ৰাম ওজন হ্ৰাস পাইছে ৷
২০২৩ চনৰ জানুৱাৰী মাহৰ মাজভাগলৈকে টয়োটা ইনোভা হাইক্ৰছে বজাৰত উপলব্ধ হ’ব ৷ সেই সময়তে ওচৰতে ইয়াৰ দাম ঘোষণা হোৱাৰ সম্ভাৱনা আছে। আজিৰে পৰা আৰম্ভ হ’ব ইনোভা হাইক্ৰছৰ বুকিং। ইয়াক পেট্ৰ’ল আৰু শক্তিশালী হাইব্ৰিড মডেল দুয়োটাতে উপলব্ধ হ’ব আৰু দুয়োটাই ৪টাকৈ ভেৰিয়েণ্টত গ্ৰাহকে লাভ কৰিব।
নতুন ৰূপৰ পৰা আৰম্ভ কৰি হাইক্ৰছত অত্যাধুনিক সা-সুবিধা সংযোজন কৰা হৈছে ৷ সঠিক এছইউভিৰ দৰে ফ্ৰন্ট এণ্ড,ক্ৰ’ম বৰ্ডাৰৰ সৈতে নতুন গ্ৰীল, চিকচিকিয়া এল ই ডি হেডলাইট আৰু ডাঙৰ ফ্ৰন্ট বাম্পাৰকে ধৰি বহু নতুন সুবিধা গ্ৰাহকসকলে লাভ কৰিব ৷
ইনোভা ক্ৰীষ্টাৰ তুলনাত হাইক্ৰছ ক্ৰমে ৪৭৫৫ মিলিমিটাৰ আৰু ১৮৫০ মিলিমিটাৰ বহল আৰু ২০ মিলিমিটাৰ দীঘল । ইয়াৰ উচ্চতা একে ৰখা হৈছে ৷ ইয়াৰ উচ্চতা হৈছে ১৭৯৫ মিলিমিটাৰ ৷ হুইলবেছ ১০০ মিলিমিটাৰ বৃদ্ধি কৰা হৈছে৷ এতিয়া হুইলবেচৰ আকাৰ হৈছে ২৮৫০ মিলিমিটাৰ ৷
হাইক্ৰছৰ কেবিনটো ক্ৰীষ্টাৰ কেবিনৰ তুলনাত বহু পৰিমাণে আধুনিক। সুৰক্ষাৰ ক্ষেত্ৰত নতুন ইনোভা হাইক্ৰছত টয়োটাৰ ছেফটি চেন্স ৩.০ সংযোজন কৰা হৈছে ৷অন্যান্য সুৰক্ষা সুবিধাৰ ভিতৰত আছে ৬টালৈকে এয়াৰবেগ, সকলো যাত্ৰীৰ বাবে থ্ৰী-পইণ্ট ছিটবেল্ট, এবিএছ, ইবিডি, পিছফালৰ পাৰ্কিং কেমেৰা আৰু বহুতো। নতুন ইনোভাই চাৰিওটা চকাতে ষ্টেণ্ডাৰ্ড হিচাপে ডিস্ক ব্ৰেকও লাভ কৰে। ইয়াৰ উপৰিও ইয়াত ইলেক্ট্ৰিক টেইলগেট সংযোজন কৰা হৈছে যাৰ বাবে ভইচ কমাণ্ডৰ জৰিয়তে খুলিব পাৰি।ইনোভা হাইক্ৰছে ঘণ্টাত ০ৰ পৰা ১০০ কিলোমিটাৰলৈ ৯.৫ ছেকেণ্ডত যাব পাৰে। টয়োটাই ভাৰতত ইনোভা ক্রিষ্টা ডিজেলৰ বিক্ৰী অব্যাহত ৰাখিব।
নতুন ইনোভা হাইক্ৰছে এই ছেগমেণ্টত টয়োটাৰ স্থান আৰু অধিক শক্তিশালী কৰাৰ সম্ভাৱনা আছে ৷মহিন্দ্ৰা এক্সইউভি৭০০ আৰু টাটা ছাফাৰীৰ দৰে গাড়ীৰ বিৰুদ্ধে লগতে কিয়া কাৰ্নিভালৰ বিকল্প হ’ব বুলি আশা কৰা হৈছে ৷।