বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এলন মাস্কে টুইটাৰ অধিগ্ৰহণ সম্পূৰ্ণ কৰাৰ পিছত প্ৰতিষ্ঠানটোৰ কেইবাজনো শীর্ষ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে পৰাগ আগৰৱাল ৷ ভাৰতীয় মূলৰ পৰাগ আগৰৱাল টুইটাৰৰ মুখ্য কার্যবাহী বিষয়া হিচাপে নিযুক্ত আছিল ৷ চাকৰিৰ পৰা বর্খাস্ত হ’লেও টুইটাৰৰ তিনি শীর্ষ বিষয়াই লাভ কৰিব বৃহৎ পৰিমানৰ ধন ৷ টুইটাৰ ইনকৰ্পৰেশ্যনৰ তিনিজন শীৰ্ষ কাৰ্যবাহীয়ে বর্খাস্তকৰণৰ পাছত ১০ কোটি ডলাৰতকৈ অধিক ধন লাভ কৰিব ৷
ব্লুমবাৰ্গ নিউজৰ হিচাপ অনুসৰি এবছৰ নৌহওঁতেই চাকৰিৰ পৰা বর্খাস্ত হোৱা মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালে প্ৰায় ৫ কোটি ডলাৰ লাভ কৰাৰ যোগ্যতা অৰ্জন কৰিছে। ভাৰতীয় মুদ্ৰাৰ হিচাপত এই মূল্য ৪১১ কোটিতকৈয়ো অধিক ৷ মুখ্য বিত্তীয় বিষয়া নেড ছেগাল আৰু আইনী, নীতি আৰু ট্ৰাষ্টৰ মুৰব্বী বিজয়া গাড্ডে ক্ৰমে প্ৰায় ৩৭ মিলিয়ন আৰু ১৭ মিলিয়ন ডলাৰকৈ লাভ কৰিব ৷
বিষয়টোৰ সৈতে পৰিচিত লোকসকলে জনোৱা মতে, বৃহস্পতিবাৰে মাস্কে ছ’চিয়েল মিডিয়া টুইটাৰৰ নেতৃত্ব লোৱাৰ পিছত এই তিনিজনৰ উপৰি অন্যান্য প্ৰধান টুইটাৰ কাৰ্যবাহীসকলেও বিদায় ল’বলগীয়া হৈছে ৷ টুইটাৰে এবছৰৰ বাবে তেওঁলোকৰ স্বাস্থ্য বীমাৰ প্ৰিমিয়ামও আদায় কৰিব লাগিব, যাৰ পৰিমাণ প্ৰায় ৩১ হাজাৰ ডলাৰ।