দেশৰ বেংকসমূহত গৰাকীবিহীন ধনৰ সংখ্যা বৃদ্ধি পাইছে ৷ ৰিজার্ভ বেংকৰ বার্ষিক প্রতিবেদন অনুসৰি সম্প্ৰতি বিভিন্ন বেংকত কোনেও দাবী নকৰা ধনৰ পৰিমাণ আছিল ৩৯,২৬৪ কোটি ৷ কিন্তু এটা বছৰৰ ভিতৰতে এয়া বৃহৎ পৰিমাণ বৃদ্ধি পায় আৰু ২০২২ বিত্তীয় বৰ্ষত বেংকত কোনেও দাবী নকৰা জমা ধনৰ পৰিমাণ হয়গৈ ৪৮,২৬২ কোটি টকা ৷
ৰিজার্ভ বেংকৰ এজন বিষয়াৰ মতে গৰাকীবিহীন এই ধনৰ অধিকাংশই তামিলনাডু, পঞ্জাৱ, গুজৰাট, মহাৰাষ্ট্ৰ, বংগ, কৰ্ণাটক, বিহাৰ, আৰু তেলেংগানা-অন্ধ্ৰ প্ৰদেশৰ বেংকত জমা আছে ৷ যাৰ বাবে গৰাকীৰ সন্ধান উলিয়াবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ৷ বিশেষকৈ গৰাকীবিহীন সর্বাধিক ধন থকা ৰাজ্যসমূহত হিন্দী, ইংৰাজী, আৰু স্থানীয় ভাষাত সজাগতা সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে।
আৰ বি আইৰ নিয়ম অনুসৰি ১০ বছৰ ধৰি ব্যৱহাৰ নকৰা সঞ্চয়/কাৰেণ্ট একাউণ্টত থকা ধন বা মেচিউৰিটিৰ তাৰিখৰ পৰা ১০ বছৰৰ ভিতৰত ঘূৰাই নোলোৱা টাৰ্ম ডিপজিটত থকা ধনক “দাবী নকৰা জমা” বুলি ধৰা হয়। তাৰ পিছত বেংকসমূহে এই ধন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ “ডিপজিটৰ শিক্ষা আৰু সজাগতা পুঁজি”লৈ হস্তান্তৰ কৰে।
অৱশ্যে জমাকাৰীসকলে বেংকৰ পৰা তেওঁলোকৰ ধন পিছলৈ উপযুক্ত সুতৰ সৈতে লাভ কৰাৰ অধিকাৰ আছে। কিন্তু বেংকসমূহে মাজে মাজে জনসচেতনতামূলক পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো দাবী নকৰা জমা ধনৰ পৰিমাণ উৰ্ধমুখী হৈছে বুলি ৰিজার্ভ বেংকে প্ৰকাশ কৰিছে।