পৃথিৱীৰ অন্যান্য দেশৰ দৰে ভাৰততো ঘৰৰ বাহিৰত অৰ্থাৎ হোটেল বা ৰেষ্টুৰেণ্টত খাদ্য খোৱাৰ ধাৰা যোৱা কেইবছৰমানৰ পৰা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। সৰু হওঁক বা ডাঙৰ চহৰ এতিয়া সকলোতেই এখন নহয় এখন নতুন ৰেষ্টুৰেণ্ট বিচাৰি পাব। অৱশ্যে দেশত এই ৰেষ্টুৰেণ্টৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ধাবা বা কেফেৰ নাম এটা দিবলৈ এতিয়া মানুহ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।
এনে পৰিস্থিতিত এতিয়া বহু ৰেষ্টুৰেণ্টৰ মালিকে কিছুমান অদ্ভূত নামেৰে নিজৰ হোটেল নাইবা ৰেষ্টুৰেণ্ট খুলিছে যাৰ নামে গ্ৰাহকক বিভ্ৰান্ত কৰাই নহয় হাঁহিবলৈকো বাধ্য কৰে। এই নামবোৰেই এনেকুৱা যে আপুনি কাৰোবাক এই বিষয়ে ক’বলৈকো দ্বিধাবোধ কৰিব পাৰে ধেমেলীয়া ৰেষ্টুৰেণ্টৰ নাম কওঁ।
‘পটি ৰেষ্টুৰেণ্ট’, কেৰালা-
পটি হৈছে কেৰালাৰ এক বিশেষ শ্ৰেণীৰ লোকৰ উপাধি যিটো এটা মালয়ালম শব্দ। পটিৰ এই ৰেষ্টুৰেণ্টখনৰ নাম পটি উপাধিৰ এজন ব্যক্তিৰ নামেৰে ৰখা হৈছে। অৱশ্যে ইংৰাজীত পটি মানে কি সকলোৱে জানে।সেয়েহে পটি নামেৰে এই ৰেষ্টুৰেণ্টখন এতিয়া এখন বিখ্যাত ৰেষ্টুৰেণ্ট।
‘যোনি তণ্ডুৰি’, হাৰিয়ানা-
অৱশ্যে এই অদ্ভূত নামৰ ৰেষ্টুৰেণ্টখনৰ নামকৰণৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও নামটোৱে নিশ্চিতভাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷
‘আও কভি হাভেলী পে’ ,মহাৰাষ্ট্ৰ
মহাৰাষ্ট্ৰৰ এই ৰেষ্টুৰেণ্টখনৰ নাম বলীউডৰ জনপ্ৰিয় অভিনেতা ওমৰেশ পুৰীৰ আটাইতকৈ বিখ্যাত সংলাপ ‘আও কভি হাভেলী পে’ৰ নামেৰে ৰখা হৈছে।যাৰ বাবে ই বহুতৰ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছে ৷
‘দুচৰি পত্নী’, হায়দৰাবাদ-
হায়দৰাবাদৰ এই ৰেষ্টুৰেণ্টখনৰ নামটো অতি আচহুৱা যদিও মালিকে কয় যে সুস্বাদু, ঘৰুৱা ষ্টাইলৰ খাদ্য পৰিবেশনৰ ক্ষেত্ৰত তেওঁৰ ৰেষ্টুৰেণ্টখন ৰাইজৰ বাবে দ্বিতীয় পত্নীৰ দৰে । হায়দৰাবাদী মানুহৰ কাৰণে এই ৰেষ্টুৰেণ্টখন বহুদিন ট্ৰেণ্ডত আছিল।
‘খৰাব চায়’, মধ্য প্ৰদেশ-
এই হোটেল খনৰ নাম ‘বেয়া চাহ ‘ ৷ চাহপ্ৰেমীয়ে সদায় ভাল চাহ বিচাৰে ৷ এইখন ৰেষ্টুৰেণ্টত অৱশ্যে মানুহক অতি সোৱাদযুক্ত চাহ পৰিবেশন কৰা হয়। এই নামটোৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই যদিও নামটোৰ বাবেই ঠাইখনে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে।
‘য়া আল্লাহ চলা দে হোটেল’,নতুন দিল্লী-
এইটো এনেকুৱা এটা কাবাব চেণ্টাৰ যি নামৰ বাবেই দিল্লীত অতি বিখ্যাত। এই ৰেষ্টুৰেণ্টখনে আল্লাক নিজৰ হোটেলখন চলাবলৈ প্ৰাৰ্থনা কৰিছে। সেয়েহে নতুন দিল্লীৰ জামা মছজিদৰ সমীপৰ কাবাবৰ এই হোটেলখনত অতি ভিৰ হোৱা পৰিলক্ষিত হয় ।