বিগত এটা দশকত ভাৰত আৰু আমেৰিকান সামৰিক বাহিনীৰ মাজত সহযোগিতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ আমেৰিকান নৌসেনাৰ জাহাজ ভাৰতত মেৰামতি কৰিবলৈ আৰম্ভ কৰিলে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বাণিজ্য বৃদ্ধিয়েই নহয় সমান্তৰাল ভাৱে ভাৰতৰ জাহাজ মেৰামতি কৰা প্ৰতিষ্ঠানসমূহতো অতিৰিক্ত ব্যৱসায়িক সম্ভাৱনাৰ বাট মুকলি হোৱাৰ সম্ভাৱনা আছে ৷
সোমবাৰে ৱাশ্বিংটনত অনুষ্ঠিত হয় ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ মন্ত্ৰীসভাৰ বৈঠক ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিংকেনে প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনৰ সৈতে আমেৰিকান প্ৰতিনিধি দলক নেতৃত্ব দিছিল ৷ আনহাতে ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব বহন কৰিছিলবৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷
২+২বৈঠকৰ পিছত জাৰি কৰা যুটীয়া বিবৃতিত কোৱা হৈছে, নৌ খণ্ডত প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা আৰু অধিক বৃদ্ধি কৰাৰ বাবে দুয়োপক্ষই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামুদ্ৰিক চিলিফ্ট কামাণ্ডৰ জাহাজৰ মেৰামতি আৰু তত্বাৱধানৰ বাবে ভাৰতীয় ‘চিপয়াৰ্ড’সমূহ ব্যৱহাৰ কৰাৰ সম্ভাৱনাৰ অন্বেষণ কৰিবলৈ সন্মত হৈছে ৷
ভৱিষ্যতে ভাৰতৰ জাহাজ মেৰামতি প্ৰতিষ্ঠানত দেখা পোৱা যাব আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ জাহাজ ৷