আজিকালি টকাৰ লেনদেনৰ বাবে বেংকলৈ যোৱা লোকৰ সংখ্যা কম। বৰঞ্চ গুগল পে’ত ইউপিআইৰ জৰিয়তে ধন দিয়া আৰু লাভ কৰাত অভ্যস্ত বহু লোক। ঘৰতে টকাৰ লেনদেন কৰিব পাৰি। কিন্তু বহুতে হয়তো নাজানে, ইউপিআই লাইট (‘UPI Lite’) নামৰ এটা সুবিধা আছে। কেইবছৰমান পূৰ্বে ছেপ্টেম্বৰ মাহত ‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ (আৰ বি আই)য়ে ইয়াক প্ৰৱৰ্তন কৰিছিল।
ইউপিআইৰ এটা সৰলীকৃত সংস্কৰণ হৈছে ইউপিআই লাইট । সৰু সৰু লেনদেনৰ বাবে ই উপযোগী। ইয়াৰ বাহিৰেও ইয়াৰ জৰিয়তে ধনৰ লেনদেনৰ বাবে কোনো সুকীয়া পিনৰ প্ৰয়োজন নহয়। ইউ পি আই লাইটৰ জৰিয়তেও ২০০-৩০০ টকা পঠিয়াব পাৰে। ইউপিআই লাইট ব্যৱহাৰ কৰিবলৈ হ’লে প্ৰথমে এই ব্যৱস্থাৰ সৈতে সংযুক্ত বেংক একাউণ্টত ধন থকাটো বাধ্যতামূলক।
পিন অবিহনে ইউপিআই লাইট কেনেকৈ ব্যৱহাৰ কৰিব?
১) ফোনত গুগল পে একাউণ্ট খোলক ৷
২) সেই একাউণ্টত থকা আপোনাৰ নিজৰ নামৰ আদ্যক্ষৰ বা ফটোখনত ক্লিক কৰিলে ইউপিআই লাইট বিকল্পটো দেখা যাব। তাত ক্লিক কৰিলে এটা পৃষ্ঠা খোল খাব।
৩) সেই পৃষ্ঠাটোত এড মানি ( ‘Add Money’) আৰু পে’ পিন ফ্ৰী আণ্ডাৰ ২০০(‘Pay Pin Free Under 200’) নামৰ দুটা শিতান দেখা যাব। তলত কণ্টিনিউ (‘Continue’) বিকল্প থাকিব।
৪) সেই বিকল্পটোত ক্লিক কৰিলে বেংক একাউণ্টটো যোগ হ’ব। তালৈ গৈ টকা ভৰাই দিলে ইউপিআই পিন ( UPI PIN )অবিহনে টকাৰ লেনদেন কৰিব পৰা যাব।
ইউপিআই ব্যৱহাৰ কৰাসকলে জানে যে এই ক্ষেত্ৰত ধন স্থানান্তৰৰ সময়ত চাৰিটা অংকৰ পিনৰ প্ৰয়োজন হয়। ইউ পি আই লাইটৰ জৰিয়তে ধনৰ লেনদেনৰ বাবে পিন প্ৰৱেশ কৰিব নালাগে।