এইবাৰ ব্যৱহাৰকাৰীসকললৈ ফেচবুকৰ সতৰ্কবাণী ৷ পাচৱৰ্ড চুৰি কৰিব পৰা ৪০০ সন্দেহজনক এপ্লিকেচন সন্দৰ্ভত ফেচবুক ব্যৱহাৰকাৰীসকললৈ সতৰ্কবাণী আগবঢ়াইছে মেটা প্লেটফৰ্মছৰ অধীনস্থ ফেচবুক প্ৰতিষ্ঠানটোৱে ৷ মেটাৰ সূত্ৰই জানিবলৈ দিয়া মতে এই এপ্লিকেচনসমূহ এপলৰ এপ ষ্ট’ৰ আৰু গুগলৰ প্লে’ষ্ট’ৰত উপলব্ধ ৷
অৱশ্যে এপল প্ৰতিষ্ঠানটোৱে তেওঁলোকে প্লে’ ষ্ট’ৰৰ পৰা ইতিমধ্যে এনে সন্দেহজনক ৪৫টা এপলিকেচন আঁতৰোৱা বুলি তথ্য প্ৰকাশ কৰিছে ৷ মেটাৰ সূত্ৰমতে আজি বহুদিনৰ পৰাই ফটো এডিটৰ,গে’মছ আৰু বিজনেছ এপ্লিকেচনৰ ৰূপত এই সন্দেহজনক এপ্লিকেচন সমূহে ফেচবুক ব্যৱহাৰকাৰী সকলৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ চুৰি কৰি আহিছে ৷