মেৰামতিৰ অধিকাৰ বা ৰাইট টু ৰিপেয়াৰ (আৰ.টি.আৰ.) এনে এক অধিকাৰ যি গ্ৰাহকসকলক নিৰ্মাতাসকলৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজে ইলেক্ট্ৰনিক্স মেৰামতি কৰিবলৈ অনুমতি দিয়ে ৷ উপভোক্তা পৰিক্ৰমা বিভাগে দেশত আৰটিআৰৰ বাবে ইতিমধ্যে এখন সমিতি গঠন কৰিছে। এই সমিতিৰ বৈঠকত চিনাক্ত কৰা খণ্ডবোৰৰ ভিতৰত আছে কৃষি সঁজুলি, মোবাইল ফোন/ টেবলেট, উপভোক্তা বহনক্ষম সামগ্ৰী আৰু অটোমোবাইল/অটোমোবাইল সঁজুলি আদি । উল্লেখযোগ্য যে ,দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লিএফই আন্দোলন (পৰিৱেশৰ বাবে জীৱনশৈলী) আৰম্ভ কৰাৰ এমাহ পিছতেই এই উপভোক্তা সামগ্ৰীৰ পুনৰ ব্যৱহাৰ আৰু পুনৰ্ব্যৱহাৰৰ ধাৰণাৰ আৰম্ভ হৈছে ।
মেনুফেকচাৰএছ’চিয়েশ্যন অফ ইনফৰ্মেচন টেকন’লজীয়ে (এমএআইটি) অনুমান কৰিছে যে ইলেক্ট্ৰনিক মেৰামতি বজাৰে ২০২৫ চনৰ পৰা আৰম্ভ হোৱা পৰৱৰ্তী চাৰি বছৰত প্ৰতি বছৰে ২০বিলিয়ন ডলাৰ ৰাজহ উপাৰ্জন কৰিব। অৱশ্যে এই ক্ষেত্ৰত ভাৰতৰ মেৰামতি বজাৰত অসংগঠিত খণ্ডৰ আধিপত্য থকাৰ বাবে অতিৰিক্ত সামগ্ৰীৰ উৎস আৰু যোগান শৃংখলাৰ ওপৰত এতিয়াও কোনো স্বচ্ছতা নাই। কিন্তু ‘মেৰামতিৰ অধিকাৰ’ এবাৰ প্ৰণয়ন হোৱাৰ পিছত আৰ.টি.আৰ. নীতি, সংগঠিত মেৰামতি খণ্ডৰ বাবে এক পদক্ষেপ হ’ব যি বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়ত আছে।
উল্লেখ্য যে ,বিশ্বব্যাপী, আৰ.টি.আৰে ইতিমধ্যে দীৰ্ঘদিন ধৰি ইয়াক প্ৰতিৰোধ কৰা মাইক্ৰছফ্ট আৰু এপলৰ দৰে প্ৰযুক্তিৰ বৃহৎ প্ৰতিষ্ঠান সমূহকো এই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰিছে।
‘আৰটিআৰ’ৰ লক্ষ্য কি ?
উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ মতে, ভাৰতত আৰটিআৰৰ লক্ষ্য হৈছে স্থানীয় বজাৰত গ্ৰাহক আৰু সামগ্ৰী ক্ৰেতাসকলক শক্তিশালী কৰা, মূল সঁজুলি নিৰ্মাতা আৰু তৃতীয় পক্ষৰ ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত বাণিজ্যিক সমন্বয় সাধন কৰা, সামগ্ৰীৰ বহনক্ষম ব্যৱহাৰ বিকাশ কৰা আৰু আৱৰ্জনা হ্ৰাস কৰা।
মেৰামতি প্ৰক্ৰিয়াৰ ওপৰত একচেটিয়া আধিপত্যই গ্ৰাহকৰ “বাছনি কৰাৰ অধিকাৰ” উলংঘা কৰে।আনহাতে ডিজিটেল অধিকাৰ ব্যৱস্থাপনা (ডিআৰএম) আৰু প্ৰযুক্তিগত সুৰক্ষা ব্যৱস্থা (টিপিএম)ক লৈ হোৱা বিতৰ্ক, ডিআৰএম কপিৰাইটে ধাৰকসকলক যথেষ্ট সকাহ প্ৰদান কৰে।
উল্লেখ্য যে, আৰটিআৰৰ বাবে ইতিমধ্যে গঠন কৰা সমিতিয়ে এই কথা স্বীকাৰ কৰে যে প্ৰযুক্তি কোম্পানীবোৰে মেনুৱেল, স্কিমেটিক্স, আৰু ছফ্টৱেৰ আপডেটৰ সম্পূৰ্ণ জ্ঞান আৰু প্ৰৱেশাধিকাৰ প্ৰদান কৰিব লাগে ৷ বিক্ৰীৰ ক্ষেত্ৰত যাৰ বাবে ছফ্টৱেৰ অনুজ্ঞাপত্ৰই সামগ্ৰীৰ স্বচ্ছতা সীমিত কৰিব নালাগে।
চাইবাৰমিডিয়া ৰিচাৰ্ছ (চিএমআৰ)ৰ উদ্যোগ চোৰাংচোৱা গোটৰ (আইআইজি) মুৰব্বী প্ৰভু ৰামে ‘বিজনেছ টুডে’ক এই সন্দৰ্ভত কয় যে, আৰটিআৰ এতিয়া এক সমবেত আহ্বান নহয় যি প্ৰযুক্তি-সচেতন গ্ৰাহকক একত্ৰিত কৰে, বৰঞ্চ ই স্থিৰতা নিশ্চিত কৰাৰ দিশত এক অনিবাৰ্য পদক্ষেপ। এক বিস্তৃত ‘আৰটিআৰ’ ফ্ৰেমৱৰ্ক সৃষ্টি কৰাৰ বাবে ভাৰতৰ এই পদক্ষেপ এটা সময়োপযোগী পদক্ষেপ। ই আইনী অথবা কাৰিকৰী সীমাবদ্ধতাৰ অন্ত পেলাব আৰু মেৰামতি কেন্দ্ৰ, নতুন উদ্যোগী আৰু গ্ৰাহকসকলক সময়মতে, সুৰক্ষিত আৰু ব্যয়সাপেক্ষ গ্ৰাহকৰ মালিকানাত থকা সঁজুলিবোৰ মেৰামতি কৰিবলৈ সক্ষম কৰিব ৷