আজি মেটাৰ মালিকানাধীন মেছেজিং প্লেটফৰ্ম হোৱাটছএপে অনাগত সপ্তাহত ভাৰতত নতুন ‘মেছেজ ইউৰচেল্ফ’ ফিচাৰ মুকলি কৰাৰ কথা ঘোষণা কৰে। কোম্পানীটোৱে এক বিবৃতিত কয় যে ই নিজৰ সৈতে ১:১ চেট কৰি টোকা, সোঁৱৰাই দিয়া আৰু আপডেট প্ৰেৰণ কৰিব পাৰিব ।যাৰ ফলত হোৱাটছএপ ব্যৱহাৰকাৰীয়ে নিজৰ টু-ডু লিষ্ট পৰিচালনা কৰিবলৈ নিজকে নোট, ৰিমাইণ্ডাৰ, শ্বপিং লিষ্ট আৰু বহুতো প্ৰেৰণ কৰিব পাৰিব।
তেওঁলোকে জানিবলৈ দিয়া অনুসৰি নতুন বৈশিষ্ট্য ব্যৱহাৰ কৰিবলৈ হোৱাটছএপ এপটো খুলি নতুন চাট সৃষ্টি কৰিব লাগিব আৰু তাৰ পিছত তালিকাৰ ওপৰত থকা যোগাযোগত ক্লিক কৰি মেছেজিং আৰম্ভ কৰিব পাৰিব। কোম্পানীটোৱে জনোৱা মতে প্ৰথম অৱস্থাত এই বৈশিষ্ট্য এণ্ড্ৰইড আৰু আইফোনত উপলব্ধ হ’ব আৰু অনাগত সপ্তাহত সকলো ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা হ’ব এই সুবিধা ।
চলিত মাহৰ আৰম্ভণিতে মেটাৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে ৩২ জনীয়া ভিডিঅ’ কলিং, ইন-চেট প’ল আৰু ১০২৪ জন ব্যৱহাৰকাৰীৰ গ্ৰুপৰ দৰে কেইবাটাও নতুন বৈশিষ্ট্যৰে ‘কমিউনিটিজ অন হোৱাটছএপ’ৰ কথা ঘোষণা কৰিছিল। মেটাৰ চিইঅ’ গৰাকীয়ে কয় যে তেওঁলোকে এতিয়া হোৱাটছএপত কমিউনিটিছ লঞ্চ কৰিছে। যি উপ-গোট, একাধিক থ্ৰে’ড আদি দৃশ্যমান কৰি গ্ৰুপবোৰক অধিক উন্নত কৰি তোলে। আনহাতে হোৱাটছএপে প’ল আৰু ৩২ জনীয়া ভিডিঅ’ কলিঙো আৰম্ভ কৰিছে বুলি কয় চিইঅ’ গৰাকীয়ে ৷ লগতে তেওঁ এই কথাও কয় যে ব্যৱহাৰকাৰীৰ বাৰ্তাসমূহৰ গোপনীয়তা বাহাল ৰাখিবৰ বাবে অৰম্ভণিৰ পৰা শেষলৈকে এন্ক্ৰিপছনৰ দ্বাৰা সুৰক্ষিত থাকিব প্ৰতিটো ব্যক্তিগত বাৰ্তা ৷
কিয়নো এক বাতৰিৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ প্ৰায় ৫০০ বিলিয়ন হোৱাটছএপ ব্যৱহাৰকাৰীৰ মোবাইল নম্বৰ ইতিমধ্যে ফাদিল হৈছে । দৰাচলতে চাইবাৰ নিউজৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে এইটো এতিয়ালৈকে হোৱা অন্যতম ডাঙৰ ডাটা ভংগ। চাইবাৰ নিউজৰ এক প্ৰতিবেদন অনুসৰি জনপ্ৰিয় হেকিং ফ’ৰামত বিক্ৰী হৈ থকা এটা ডাটাবেছত ৮৪খন দেশৰ হোৱাটছএপ ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য সন্নিবিষ্ট কৰা হৈছে। একে সময়তে এই তথ্য বিক্ৰী কৰা ব্যক্তিজনে দাবী কৰিছে যে কেৱল আমেৰিকাৰ ৩ কোটি ২০ লাখ ব্যৱহাৰকাৰীৰ অভিলেখ এই ছেটৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও ভাৰত, ৰাছিয়া, ইটালী, ইজিপ্ত, ব্ৰিটেইন আৰু ফ্ৰান্সৰ লাখ লাখ ব্যৱহাৰকাৰীৰ হোৱাটছএপৰ তথ্যও ফাদিল হৈছে আৰু এতিয়া এই তথ্য অনলাইনত বিক্ৰী কৰা হৈছে।