শেহতীয়াকৈ হোৱাটছএপে ইয়াৰ ব্যৱহাৰকাৰী সকলৰ সুৰক্ষাৰ সুবিধাসমূহ পুনৰ বৃদ্ধি কৰিছে। এইবাৰ ব্যক্তিগত মেচেজিং এপটোৱে এটা নতুন সুৰক্ষা সুবিধাৰ ওপৰত কাম কৰি আছে যিয়ে ব্যৱহাৰকাৰীসকলক সাম্ভাৱ্য স্কেমাৰৰ পৰা সুৰক্ষিত কৰিব। লগ ইন অনুমোদন বুলি কোৱা এই সুবিধাটোৱে কোম্পানীৰ দুটা পদক্ষেপৰ প্ৰমাণীকৰণ প্ৰণালী তৈয়াৰ কৰিব বুলি আশা কৰা হৈছে। অৱশ্যে মাল্টি-ডিভাইচ ব্যৱহাৰকাৰীসকলৰ বাবে ডিজাইন কৰা হৈছে এই সুবিধা ৷
এই নতুন সুবিধাটোৱে ব্যৱহাৰকাৰীসকলক অধিসূচনা লাভ কৰিবলৈ অনুমতি দিব যেতিয়া এজন ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ হোৱাটছএপ একাউণ্টত বেলেগ ডিভাইচৰ পৰা লগ ইন কৰিব।
কোম্পানীটোৱে বৰ্তমান ইয়াৰ শেহতীয়া ছফ্টৱেৰৰ এটা সংস্কৰণ পৰীক্ষা কৰি আছে।
নতুন সুবিধাটোৱে ব্যৱহাৰকাৰীসকলক আন এজন ব্যক্তিয়ে বেলেগ ডিভাইচৰ পৰা তেওঁলোকৰ একাউণ্টত লগ ইন কৰিবলৈ চেষ্টা কৰিলে অৱগত কৰিব । এজন ব্যৱহাৰকাৰীয়ে ইতিমধ্যে লগ ইন কৰা প্ৰাথমিক ডিভাইচৰ পৰা অনুমোদন দিয়াৰ পিছতহে আন ডিভাইচত একাউণ্ট লগ ইন কৰিবলৈ ব্যৱহাৰকাৰী জন সক্ষম হ’ব বুলি জনা গৈছে।
এই সুবিধাটোৱে সাম্ভাব্য প্ৰৱঞ্চকসকলক এজন ব্যৱহাৰকাৰীৰ একাউণ্ট আৰু ব্যক্তিগত তথ্য প্ৰাপ্ত কৰাত বাধা প্ৰদান কৰিব। ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ তথ্য আৰু একাউণ্ট চুৰি হোৱাৰ পৰা সুৰক্ষিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে এই সুবিধা।
হোৱাটছএপৰ ইতিমধ্যে এটা দুটা পদক্ষেপৰ প্ৰমাণীকৰণ প্ৰণালী আছে যাক ব্যৱহাৰকাৰীৰ একাউণ্টত প্ৰৱেশাধিকাৰ প্ৰতিহত কৰাত সহায় কৰিবলৈ ডিজাইন কৰা হৈছে। যেতিয়াই এজন ব্যৱহাৰকাৰীয়ে তেওঁৰ একাউণ্টত বেলেগ ডিভাইচৰ পৰা লগ ইন কৰিবলৈ বিচাৰিব এই নতুন সুবিধাটোৱে তেওঁক অতিৰিক্তভাৱে অৱগত কৰিব ।