শেহতীয়াকৈ ২০২২চনৰ জুলাইত সৰ্বাধিক বিক্ৰী হোৱা স্কুটাৰৰ কোম্পেনী সন্দৰ্ভত ‘লাইভ হিন্দুস্তানে’ ইতিমধ্যে দেশৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা তিনিখন স্কুটাৰৰ এখন তালিকা প্ৰস্তুত কৰি প্ৰকাশ কৰিছে।
তেওঁলোকে প্ৰস্তুত কৰা তালিকা অনুসৰি দেশৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা স্কুটাৰ খন হৈছে ‘হোণ্ডা এক্টিভা’ ৷ যোৱা মাহত উক্ত কোম্পেনীটোৰ মুঠ ২,৩১,৮০৭ খন স্কুটাৰ বিক্ৰী হোৱাৰ লগতে হোণ্ডা এক্টিভাই যোৱা বছৰৰ তুলনাত এইবাৰ প্ৰায় ১,৬২,৯৫৬ খন বিক্ৰী কৰি ৪২.২৫% অধিক হাৰত স্কুটাৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে কোম্পেনীটোৰ দুটা প্ৰকাৰৰ স্কুটাৰউপলব্ধ ৷ সেই দুই প্ৰকাৰ হ’ল ৬জি এছটিডি আৰু ৬জি ডিএলএক্স যাৰ মূল্য ক্ৰমে ৭২,৪০০টকা আৰু ৭৪,৪০০টকা ।
আনহাতে তালিকাৰ দ্বিতীয় স্থানত আছে টিভিএছ জুপিটাৰ ৷ যাৰ মুঠ বিক্ৰীৰ সংখ্যা ৬২,০৯৪খন ৷ টিভিএছ জুপিটাৰে ২০২১চনৰ তুলনাত এইবাৰ ২৩,৮২৫ খন স্কুটাৰ বেছিকৈ বিক্ৰী কৰি টিভিএছৰ বিক্ৰীৰ হাৰ ৬২.৫%বৃদ্ধি কৰে । বৰ্তমান সময়ত বজাৰত এইখন স্কুটাৰৰ ছয়টা মডেল উপলব্ধ। এইবোৰ হৈছে এছএমডব্লিউ ,আধাৰ , জেডএক্স , জেডএক্স ডিস্ক , জেডএক্স স্মাৰ্ট কানেক্ট আৰু ক্লাছিক ।
তালিকাৰ তৃতীয় স্থানত আছে চুজুকি এক্সেছৰ নাম ৷ এক্টিভা আৰু জুপিটাৰৰ বিপৰীতে, চুজুকি এক্সেছৰ ২০২১ চনৰ জুলাই মাহত ৪৬,৯৮৫খন স্কুটাৰ বিক্ৰীৰ বিপৰীতে চলিত বৰ্ষৰ জুলাইত বিক্ৰী কিছু হ্ৰাস পাইছে ৷ চলিত বৰ্ষত ৪১,৪৪০ খন স্কুটাৰ বিক্ৰী কৰাৰ ফলত ইয়াৰ বিক্ৰীৰ হাৰ ১১.৮০% হ্ৰাস পাইছে । এই কোম্পেনীটোৰ স্কুটাৰসমূহো মুঠ ছয়টা মডেলত উপলব্ধ, যাৰ মূল্য হ’ল ৭৮,৩০০টকাৰ পৰা ৮৬,২০০টকাৰ ভিতৰত ।