বিভিন্ন সময়ত আমাৰ দেশ ভাৰতক বাণিজ্যিক ক্ষেত্ৰত বহু আন আন দেশে সহায় কৰি আহিছে ৷ কাৰণ পৃথিৱীৰ প্ৰতিখন দেশ এখন আন এখনৰ সহযোগিতাৰ বাবেই সদায় আগুৱাই যাবলৈ সক্ষম হৈছে ৷ ভাৰতৰ উন্নতিৰ ক্ষেত্ৰতো তেনে বহু দেশে সহায় কৰি আহিছে ৷ বিশেষকৈ বাণিজ্যিক ক্ষেত্ৰত ভাৰতৰ পঞ্চম সহযোগী দেশ হিচাপে বিবেচিত হৈছে ৰাছিয়া ৷
বিগত সময়ছোৱাত খাৰুৱা তেলৰ আমদানি দ্ৰুতহাৰত বৃদ্ধি পোৱাৰ ফলতেই ভাৰতৰ পঞ্চম বৃহৎ বাণিজ্যিক সহযোগী দেশ হিচাপে পৰিগণিত হৈছে ৰাছিয়া ৷
উল্লেখনীয় যে বিগত বিত্তীয় বৰ্ষত ভাৰতৰ সহযোগী ৰাষ্ট্ৰত তুলনাত ৰাছিয়াৰ স্থান আছিল ২৫ ৷ কিন্তু যোৱা এপ্ৰিল-ছেপ্টেম্বৰৰ ত্ৰিমাসিকত ভাৰতৰ বাণিজ্যিক সহযোগী দেশৰ তালিকাত ৰাছিয়াৰ স্থান পঞ্চমলৈ উন্নীত হয় ৷ এই সময়ছোৱাত আমাৰ দেশ ভাৰতে ৰাছিয়াৰ পৰা বিশ বিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ খাৰুৱা তেল আৰু ৰাসায়নিক সাৰ আমদানি কৰিছিল ৷ গুৰুত্বপূৰ্ণ কথা যে ভাৰতৰ বাণিজ্যিক সহযোগী দেশসমূহৰ তালিকাৰ প্ৰথম স্থানত আছে আমেৰিকা আৰু দ্বিতীয় স্থানত আছে চীন ৷