প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে ২০ অক্টোবৰৰ দিনটো ‘বিশ্ব ষ্টেটিষ্টিক দিৱস’ বা ‘বিশ্ব পৰিসংখ্যা বিজ্ঞান দিৱস’ পালন কৰা হয়। মানৱ জীৱনত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা আৰু তাক জনসমাজক অৱগত কৰোৱাৰ উদ্দেশ্যেৰে এই দিৱস পালন কৰি অহা হৈছে । ব্যৱহাৰিক দিশত ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰাই এই দিৱসৰ মূল উদ্দেশ্য।
ইউনাইটেড নেচ্যন ষ্টেটিষ্টিক কমিচনৰ দ্বাৰা প্ৰতি পাঁচ বছৰত এই দিৱসৰ আয়োজন কৰা হয়।
২০১০ চনত পোন প্ৰথম বাৰ ‘বিশ্ব পৰিসংখ্যা বিজ্ঞান দিৱস’ উদযাপন কৰা হয়। পুনৰ ২০১৫ চনত দ্বিতীয় বাৰৰ বাবে এই দিৱস উদযাপিত হয় আৰু প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে এই বিশেষ দিনটো উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
২০২০ চনত হোৱা তৃতীয় ‘বিশ্ব পৰিসংখ্যা বিজ্ঞান দিৱস’ৰ বিষয়বস্তু আছিল ‘বিশ্বাসযোগ্য তথ্য আৰু পৃথিৱীৰ ঐক্য’ ।