চাহ সকলোৰে প্ৰিয় এবিধ পানীয়। সমগ্ৰ বিশ্বতে বিভিন্ন ঠাই ভেদে ভিন্ন প্ৰকাৰৰ চাহ পোৱা যায়। এই চাহৰ সোৱাদত ভিন্নতা থকাৰ লগতে দামো বেলেগ বেলেগ হয়। আচৰিত যেন লাগিলেও সঁচা যে পৃথিৱীৰ আটাইতকৈ দামী চাহ বিধৰ মূল্য ৯ কোটি টকা।
“দা হংগ পাৱ” (Da Hong Pao) নামৰ চীনত উপলব্ধ এই চাহ পাতৰ মূল্য বিশ্বৰ সকলো চাহৰ মূল্যতকৈ অধিক। প্ৰতি কিলো চাহ ৯ কোটি টকাত বিক্ৰী হোৱা এই চাহপাতৰ খেতি কৰা হয় চীনৰ ফুজিয়ান নামৰ ঠাইৰ ৱোইছান নামৰ এক এলেকাত। স্বাস্থ্যৰ ক্ষেত্ৰতো বহু উপকাৰী এই চাহপাত।
উল্লেখ্য যে এই চাহ সেৱনৰ ফলত বহুতো গুৰুতৰ বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি। “দা হংগ পাৱ” (Da Hong Pao) নামৰ এই চাহপাত বিধ বহু কম পৰিমাণেহে খেতি কৰা হয়। আনহাতে এই প্ৰজাতিৰ চাহপাত বিধ খুব দুৰ্লভ। চাহবিধৰ মূল্য বেছি হোৱাৰ ইও এক উল্লেখযোগ্য কাৰণ।
“দা হংগ পাৱ” খেতিৰ লগত এক বিশেষ কৃষি পদ্ধতি তথা বহু কষ্ট জড়িত হৈ থাকে। এই চাহৰ উৎপত্তিৰ আঁৰত এক জনবিশ্বাস আছে । জনবিশ্বাস মতে এই খেতি প্ৰথম আৰম্ভ হৈছিল চীনত মিং বংশীয় (Ming rule of China) লোকসকলৰ শাসনৰ সময়ত। চীন দেশীয় লোকসকলৰ মতে এবাৰ মিং বংশীয় সেই সময়ৰ ৰাণী গৰাকী গুৰুতৰ ৰোগত আক্ৰান্ত হৈছিল। কোনো ঔষধে তেঁওৰ বেমাৰ ভাল কৰিব পৰা নাছিল।
অৱশেষত তেঁওক “দা হংগ পাৱ”ৰ চাহ খাবলৈ উপদেশ দিয়াত সেই পানীয় খোৱাৰ পাচত ৰাণীৰ অৱস্থা যথেষ্ট ভাললৈ আহে। কেইদিনমানৰ পাচত ৰাণী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাত ৰজাই আনন্দতে সেই ঠাইৰ সকলো লোককে উক্ত চাহপাতবিধ খেতি কৰিবলৈ পৰামৰ্শ দিয়ে। ৰজাৰ দীঘল কোট (long cloak) টোৰ আধাৰতেই চাহপাত বিধৰ নামাকৰণ কৰা হয়।
স্বাস্থ্য ক্ষেত্ৰত বহুতো উপকাৰী গুণ থকাৰ বাবে বৰ্তমান সময়তো মানুহে ১০ ৰ পৰা ১৫ গ্ৰাম চাহ পাত লাখ টকাৰ হিচাপত কিনিবলৈ যথেষ্ট আগ্ৰহ প্ৰকাশ কৰে।