শুকান খাদ্যৰ এক অন্যতম জনপ্ৰিয় খাদ্য হৈছে মখানা।ই এবিধ ফল।ইয়াৰ এডাল গছে এই বীজ উৎপাদন কৰে যাক আমি মখানা বুলি কওঁ। সাধাৰণতে গ্ৰীষ্ম কালত পুখুৰী,জলাশয় আৰু আৰ্দ্ৰভূমিৰ দৰে পানীত এই উদ্ভিদ উৎপন্ন হ‘য়।
ইয়াৰ এডাল গছে ৮০-১০০ টা লৈকে এই বীজ উৎপাদন কৰে।ভাৰতত মূলতে অসম, বিহাৰ,মধ্যপ্ৰদেশ,ৰাজস্থান,পশ্চিম বংগ,মণিপুৰ,ত্ৰিপুৰা আৰু উত্তৰ প্ৰদেশত প্ৰচুৰ পৰিমাণে এই উদ্ভিদ উৎপন্ন হ‘য়।
ভাৰতবৰ্ষৰ ভিতৰত বিহাৰত সৰ্বাধিক মখানা খেতি কৰে।ইয়াৰ ১০০% ৰ ভিতৰত ৯০% মখানা বিহাৰত উৎপাদন হ‘য়। ই অৰ্গেনিক হোৱাৰ লগতে ফেট ফ্ৰী হোৱাৰ বাবে বৰ্তমান ইয়াৰ চাহিদা বহুত বেছি।
এই মখানা বিশ্বৰ অন্য দেশৰ তুলনাত ইউৰোপত ইয়াৰ চাহিদা সৰ্বাধিক।ইউৰোপত মখানাৰ প্ৰতি কেজিৰ মূল্য প্ৰায় পাঁচ হাজাৰ টকালৈ বৃদ্ধি পায়।অৱশ্যে ভাৰতত ইয়াৰ মূল্য ৮০০-১০০০ টকা।
মখানা উৎপাদন কৰিবলৈ ৪-৬ ফুট দ এটা পুখুৰী হলেই হ‘য়।অৱশ্যে পুখুৰীটোত সকলো সময়তে পানী থাকিব লাগে।ইয়াৰপিছত পুখুৰীটোত ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত মখানা বীজ সংৰোপণ কৰিব লাগে।বীজসমূহ কোনো কৃষি বিভাগৰ লগত যোগাযোগ কৰি আনিব পাৰে।
বীজৰ পৰা ওলোৱা গছৰ ডালত বেঙুনীয়া ফুল ফুলে। আৰু এই ফুলৰ ভিতৰতে এই বীজ পোৱা যায়। পিছত পুখুৰীৰ তলত পৰি থকা বোকাৰ পৰা এই বীজ সংগ্ৰহ কৰা হ‘য়। আৰু এই কাম কৰিবলৈ যথেষ্ট সৰ্তকতা অৱলম্বন কৰিব লাগে।তাৰপিছত বীজবোৰ পানী নথকাকৈ ৰদত শুকুৱাই ৰখা হ‘য় । সম্পূৰ্ণ শুকাই নোযোৱা এই মখানা অস্থায়ীভাৱে সৰ্বাধিক ২০ ৰ পৰা ২৪ দিন পৰ্যন্তহে সংৰক্ষণ কৰি ৰাখিব পাৰি।
ইয়াৰপিছত গ্ৰেডিং পক্ৰিয়াৰে বীজবোৰৰ আকাৰৰ ওপৰত আধাৰ কৰি ৫ৰ পৰা ৭ টা গ্ৰেডত ভাগ কৰে।আৰু পিছত বীজবোৰ মাটিৰ ওপৰত এটা লোৰ পাত্ৰত ২৫০চেন্টিগ্ৰেডৰ পৰা ৩০০০ চেন্টিগ্ৰেড তাপমাত্ৰাত ৪-৬ মিনিট ভাজি গৰম কৰা হ‘য়।
আকৌ এই গৰম কৰা বীজবোৰ তিনি চাৰি দিনৰ বাবে শুকান স্থানত ৰাখিব লাগে।যিহেতু ভাজি পেলোৱা বীজবোৰ ওপৰৰ টান অংশ এৰি যায়।অৰ্থাৎ ভিতৰৰ কেৱল খোৱা অংশহে থাকি যায়।
পুনৰ মখানা গ্ৰেডিং আকাৰ অনুযায়ী পেকিং কৰি বিক্ৰীৰ বাবে প্ৰস্তুত কৰা হ‘য়।অন্য খেতিৰ দৰে সহজ নোহোৱা মখানা খেতিৰ এই দীঘল প্ৰক্ৰিয়াৰ বাবে খেতিয়কসকল সাধাৰণতে এই খেতিৰ বাবে আগ্ৰহ কৰা দেখা নাযায়। যদিও এই খেতি কৰি বহু নিৱনুৱা যুৱকে সহজে লক্ষাধিক টকা উপাৰ্জন কৰিব পাৰে।