অৱশেষত মন্নতলৈ ঘূৰি অহাৰ পথ প্ৰশস্ত হ’ল শ্বাহৰুখ খনৰ তনয় আৰিয়ানৰ। দুই সংগীসহ আজি আৰিয়ানৰ জামিন মঞ্জুৰ কৰিছে বোম্বে উচ্চ ন্যায়ালয়ে। দুদিন ধৰি অনুষ্ঠিত শুনানিৰ অন্তত বোম্বে উচ্চ ন্যায়ালয়ে আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ জামিন মঞ্জুৰ কৰিছে।ন্যায়াধীশ এন ডব্লিউ চামবৰেৰ আদালতে তিনি অভিযুক্তৰ জামিন নাকচ কৰে।
এন চি বিৰ অধিবক্তা তথা সহকাৰী চলিচিটৰ জেনেৰেল অৰুণ সিঙে আৰিয়ানৰ জামিনৰ তীব্ৰ বিৰোধিতা কৰে আৰু কয় যে বিগত দুবছৰ ধৰি নিষিদ্ধ ড্ৰাগচ ব্যৱহাৰ কৰি আহিছে ।সেয়েহে তেঁওৰ জামিন মঞ্জুৰ কৰিব নালাগে। কিন্তু দুয়ো পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত আৰিয়ান আৰু দুই সংগীৰ জামিন মঞ্জুৰ কৰে। যোৱা 3 অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল আৰিয়ান।