পৃথিৱীত গছ-গছনিৰ অস্তিত্ব মানৱ জাতিতকৈও বহুত পুৰণি । পৃথিৱীত যদি গছ গছনি নাথাকিলেহেঁতেন মানুহ আৰু জীৱ- জন্তুৰ জীৱন নিৰ্বাহ ইমান সহজ নহ’লহেঁতেন । উদ্ভিদৰ পৰা আহৰণ কৰা খাদ্যসমূহতেই মানুহ অন্য জীৱসমূহ নিৰ্ভৰশীল কিন্তু আপুনি শুনিলে আচৰিত হ’ব পৃথিৱীৰ এনে কিছুমান উদ্ভিদ আছে যিবোৰ মাংসভোজী । শুনিবলে আচৰিত হ’লেও এই ৰহস্যময় পৃথিৱীত এনে কিছুমান গছ – গছনি আছে যিবোৰ মাংসভোজী । উদ্ভিদ জোপাৰ ওচৰে -পাজৰে থকা জীৱক ভক্ষণ কৰি তাৰ পৰাই প্ৰয়োজনীয় উপাদান সমূহ খাদ্য হিচাপে গ্ৰহণ কৰে।
উদাহৰণস্বৰূপে
(১) নেপেথ্ৰিছ (Nepenthes) দেখাত টো এই গছ জোপা সাধাৰণ যেনেই দেখি কিন্তু তাৰ ওচৰলৈ আহিলেই সৰু সৰু কীট পতংগ ইয়াৰ ফান্দত পৰি মৃত্যু হয় । ফুলপাহৰ প্ৰতি আকৃষ্ট হৈ জীৱবোৰ উদ্ভিদ জোপাৰ ওচৰলৈ আহে । ফুলপাহৰ ওপৰৰ অংশ কলহৰ মুখৰ দৰে দ হোৱাৰ বাবে সৰু সৰু জীৱবোৰ ইয়াৰ ভিতৰত সোমায় যায় আৰু গছজোপাৰ ভিতৰত থকা কিছু বিশেষ দ্ৰৱই জীৱটো হজম কৰি লয় ।
(২) চাৰাচেনিয়া (sarracenia) নেপেথ্ৰিছৰ দৰেই ইয়ো এক মাংসভোজী উদ্ভিদ আৰু নেপেথ্ৰিছ প্ৰজাতিৰে বংশধৰ । কিন্তু চিকাৰ কৰাৰ কৌশল আৰু বুদ্ধিমত্তাৰ ক্ষেত্ৰত ই কেৱল সৰু সৰু কীট পতংগক হে নিজৰ চিকাৰ হিচাপে বাছি লয় । কলহৰ দৰে আকৃতিৰ ফুল পাহৰ ভিতৰ অংশত এটা মিঠা দ্ৰব্য উৎপন্ন কৰে যাৰ প্ৰতি আকৃষ্ট হৈ পোক পতংগ বোৰ তাত পৰে । সুযোগ বুজি ফুলপাহৰ মুখখন বন্ধ কৰি দিয়ে । যাৰ ফলত জীৱটো কেতিয়াও ওলায় আহিব নোৱাৰে ।
(৩) দ’চেৰা (Drosera) ইউৰোপৰ কিছু কিছু অংশত উপলব্ধ ই এজোপা চিকাৰী উদ্ভিদ , এই উদ্ভিদ জোপাৰ ওপৰ ভাগত বগা ৰঙৰ ফুল ফুলে আৰু ইয়াৰ তলত সৰু সৰু চুলিৰ দৰে কিছুমান আঁহ থাকে । য’ত এক সুগন্ধি দ্ৰব্য ৰ উৎপন্ন হয় দেখাত এই আঁহ বোৰ যিমানেই আকৰ্ষণীয় চিকাৰৰ বাবে ই কিন্তু ইমানেই ঘাটক । সৰু সৰু কীট পতংগ বোৰে সেই সুগন্ধৰ প্ৰতি আকৰ্ষিত হৈ চুলি বোৰত বহে আৰু তাত থকা সেই আঠা জাতীয় দ্ৰব্যত ফঁচি ওলাব নোৱাৰা হয়। চিকাৰ গাত পৰাৰ লগে লগে চুলি বোৰে মেৰিয়াই ধৰে । এই উদ্ভিদবোৰ আকাৰত ইমান ডাঙৰ হ’ব পাৰে যে সৰু সৰু চৰাইৰ লগতে ভেকুলীকো চিকাৰ কৰি ল’ব পাৰে।
(Dionaea Muscipula) সকলো বোৰ চিকাৰী উদ্ভিদৰ ভিতৰত এই উদ্ভিদ বিধেই আটাইতকৈ বেছি ভয়ানক । এই উদ্ভিদ জোপাৰ চিকাৰ কৰা পদ্ধতিৰ এনে লাগিব যে নিজৰ এক মগজো হে আছে । ই চিকাৰ কৰিবলৈ কোনো ধৰণৰ সুস্বাদু দ্ৰব্য বা সুগন্ধি দ্ৰব্য ৰ প্ৰস্তুত নকৰে । ই চিকাৰৰ ওপৰত পোনপটীয়াকৈ আক্ৰমণ কৰে । এই উদ্ভিদ জোপাক যেন হিংস্ৰ দৈত্যৰ দৰে দেখা যায় । উদ্ভিদ জোপাৰ পাতত কোনো কীট- পতংগ পৰাৰ লগে লগেই ই চেপি ধৰি হত্যা কৰে । এই গছজোপা নাৰ্ছাৰীত সহজেই উপলব্ধ । ইয়াক ক্ৰয় কৰি আপুনিও ইয়াৰ চিকাৰ কৌশল নিজ চকুৰে চাব পাৰে ।