আপোনাৰ মৰমৰ জন্তুটোক আকৰ্ষণীয়কৈ সজাই পৰাই ফটো তুলি ভাল পাই নেকি আপুনি?তেনেহলে আপোনাৰ বাবে আছে এটা সুখবৰ। আপোনাৰ মৰমৰ পোহনীয়া জন্তুটোৰ ফটোৰে আপুনি লাভ কৰিব পাৰে উপহাৰ। এনে এক শুভ সংবাদ লৈ আহিছে কিউত পেট ভেটেৰনাৰী ক্লিনিক এণ্ড পেট শ্বপে।উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে তেওঁলোকে আয়োজন কৰিছে এই প্ৰতিযোগিতাৰ। পোহনীয়া জীৱ জন্তুৰ ফটোগ্ৰাফীক উৎসাহিত কৰাৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ফেচবুকৰ জৰিয়তে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হব।ফেচবুকত লাভ কৰা লাইকছৰ ভিত্তিত বাচনি কৰা হ’ব বিজয়ী।আগ্ৰহী লোকসকলে তেওঁলোকৰ পোহনীয়া জীৱ জন্তুৰ(কুকুৰ/মেকুৰী) ফটো [email protected]লৈ প্ৰেৰণ কৰিব পাৰে। পৰবৰ্তী সময়ত kute pets নামৰ ফেচবুক পেজত এই ফটো আপলোড কৰা হ’ব।অহা 18 নৱেম্বৰলৈ এই প্ৰতিযোগিতা লাইভ কৰা হʼব। 21 নৱেম্বৰত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হ’ব। বিজয়ী জীৱ জন্তুৰ গৰাকীক উপহাৰ প্ৰদান কৰা লগতে শীৰ্ষ স্থান লাভ কৰা সকলো প্ৰতিযোগীৰ ফটোছুট কৰা হ’ব। এই ফটোসমূহ কিউত পেটছ টেবুল টপ কেলেণ্ডাৰত প্ৰকাশ পাব। প্ৰতিযোগিতাৰ সবিশেষ তথ্য kutepets ফেচবুক পেজত উপলব্ধ৷