আজি ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ স্মৃতি দিৱস । তেওঁ এগৰাকী আগশাৰীৰ স্বাধীনতা সংগ্ৰামীও আছিল । তেওঁ নেহৰু মন্ত্ৰীসভাত বহিঃপৰিক্ৰমা আৰু গৃহ দপ্তৰৰ মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল । জয় জোৱান, জয় কিষাণ তেওঁৰ এটা জনপ্ৰিয় শ্লোগান । নেহৰুৰ মৃত্যুৰ পিছত ১৯৬৪ চনৰ ১১ জুনৰ পৰা ১৯৬৬ চনৰ ১১ জানুৱাৰীলৈ তেওঁ দেশৰ প্ৰধানমন্ত্ৰী আছিল । ১৯৬৫ চনত পাকিস্তানে ভাৰত আক্ৰমণ কৰাৰ পিছত তাচখণ্ডত দুয়ো দেশৰ মাজত চুক্তি কৰিবলৈ গৈ আজিৰ দিনটোতে তেওঁৰ ৰহস্যজনকভাৱে মৃত্যু হয় । নেতাগৰাকীলৈ আমাৰ প্ৰণাম ।