আজি বিশিষ্ট সংগীতজ্ঞ কীৰ্তিনাথ শৰ্মা বৰদলৈৰ স্মৃতি দিৱস । বিশিষ্ট গীতিকাৰ আৰু সুৰকাৰগৰাকী আছিল অসমীয়া ভাষাত অপেৰা ৰচনা কৰা প্ৰথম ব্যক্তি । অসমীয়া লোকসংগীত, জিকিৰ, আধুনিক গীত আদিৰ প্ৰসাৰ আৰু প্ৰচাৰত তেওঁ বিশেষ ভূমিকা পালন কৰিছিল । তেওঁ ক্লেৰিঅ’নেটৰ পৰা আৰম্ভ কৰি নাগাৰালৈকে প্ৰায় সকলো বাদ্যই বজাব জানিছিল । তেওঁ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱাৰ অধীনত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। কামৰূপীয়া সংগীতৰ এক নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা লক্ষ্মীৰাম বৰুৱাই সেই গৱেষণাৰ আধাৰতে ‘কামৰূপীয় সংগীত’ আৰু ‘সুৰ পৰিচয়’ নামৰ দুখন গ্ৰন্থ ৰচনা কৰিছিল। ১৯৪৬ চনত তেওঁ ‘জাগৰণী’ নামৰ এখন গীতৰ পুথি প্ৰকাশ কৰিছিল। ১৯৫২ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে। এইগৰাকী বিশিষ্ট সংগীতজ্ঞলৈ আমাৰ প্ৰণাম ।